এটি অভিমানী বাটত কবিতা
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
উমাল হবলৈ দিয়া
সেউজীয়া কবিতা পথাৰখন
শব্দবোৰ জীপাল হবলৈ দিয়া
ভাল লগাৰ পৰা ভাল পোৱালৈ
জাগি উঠিব নজনাকৈ নুবুজাকৈ
এটি অভিমানী বাটৰ কবিতা।
সজাল হবলৈ দিয়া
অনুভৱ কবিতাৰ শাৰি বোৰ
জোনাকৰ ৰং দৰে সতেজ হবলৈ দিয়া
অভিমানী বাটৰ নিভাঁজ অনুভৱ বোৰ
সঁচা মানৱতাৰ সঁচা শব্দৰ ভাষাৰে
এটি অভিমানী বাটৰ কবিতা।
শেহ হবলৈ নিদিবাচোন
আলসুৱা সঁচা নিভাঁজ শব্দৰ
জোনাকি দেশৰ সতেজ শব্দৰ
সেউজীয়া মনৰ আবেগিক অনুভৱটি
আকৌ এবাৰ লিখিবলৈ খোজো
এটি অভিমানী বাটৰ কবিতা।
হেৰাই যাবলৈ দিয়াচোন
কবিতাৰ সেউজীয়া পথাত
লিখিব খুজিছোঁ জোনাকৰ
জুন-তৰাৰ সেউজীয়া ৰং
কৃষ্ণচূড়া দেশৰ স্মৃতিৰ কবিতা
এটি অভিমানী বাটৰ কবিতা
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment