সেউজীয়া সপোন
শতাব্দী শৰ্মা
আমোলাপট্টি, নগাঁও
মই প্ৰায়ে এটা সেউজীয়া সপোন দেখো,
সপোনৰ বৃন্দাবনত কোনো মিছাৰ অৱস্থিতি নাই!
ভ্ৰমে পাশে আৱৰি আছে চাৰিওফাল !
প্ৰশ্নবোধক চিন ???
জীৱন অম্লান গতিৰে একেডাল সূতাৰে বান্ধ!
মাজে মাজে ক্ষোভ জাগে,
ইমান সৰু সুঁতি,
ইমান খাম-খেয়ালি,
শিক্ষিত মানুহৰ সমাজত
হঠাতে কিহৰ বিশৃংখল সৃষ্টি ?
মই মাজে মাজে
এটা সেউজীয়া সপোন দেখো,
আকাশত মেঘৰ গঠন,
প্ৰান্তত নীলা,
উৰিবলৈ দুখনি ডেউকা
মোৰ আশে পাশে কেইবাটাও ভৱিষ্যতৰ তলা!
অথচ মই এতিয়ালৈকে বিচাৰি পোৱা নাই
চাবিকোছা ক’ত আছে ???
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment