কবিতাৰ ছাঁ-জোনাকৰ ছায়াপথ
ৰুদ্ৰ সিংহ মটক
শব্দৰ জন্ম, আদি ক’ত অন্তনো ক’ত শব্দৰ, সেয়া একো নজনাকৈয়ে
কৈশোৰৰ নিঃসঙ্গ দিনবোৰতে প্ৰেমত পৰিছিলো মই
মাটি-ধনীয়াৰ দৰে বুকুৰ উশাহত শিপা মেলা ৰ'দ-সুগন্ধি শব্দৰ
শব্দই শব্দই ধুনীয়া আকাশ নেজানো শব্দৰ কোনখিনিত কবিতাৰ
ওঁঠ; ঠিক কোনখিনিত বাৰু দোলায়িত হয়, বাজি উঠে চেতাৰৰ দৰেই
কবিতাৰ সৰিয়হফুলীয়া তেজৰ জুনুকাবোৰ
নাজানো, ঠিক কেতিয়া বতাহত বিয়পি পৰে হৃদয় বননিত
উঠলি উঠা বাখৰুৱা জোনাকৰ অনামী সংগীত--উঠি আহে চূৰ্ণীকৃত
অলেখ সোণালী শস্যকণা, কবিয়ে আজিও নেদেখা নবম স্বৰ্গ
কিম্বা মধুক্ষৰা সুক্ষুম্নাৰ চিৰ গোপন চিৰ ৰহস্যময় ক্ষীৰসাগৰৰ পৰা
শব্দৰ নিফুঁট ওঁঠ চুই ফুলে-গানে সৰি পৰা প্ৰাণৰ জুই, বিন্দু বিন্দু
উজ্বল শিশিৰ
সেয়া ৰাতিৰ স্তনৰ মধু জোনাক শীত-শিশিৰৰ শীতল ঘাঁহনিত
খহি পৰা তৰাৰ আলফুল আঙুলিৰ ছায়া
টোপনি যোৱা নৈৰ দাঁতিৰ কঁহুৱাৰ আঁৰৰ গোপন বাট এটাৰে যুগ যুগ
নক্ষত্ৰ-শতাব্দী আহি আছে এনেকৈয়ে মহাকালৰ হাত ধৰি
অথচ আজিও দুচকুত ধূলি আৰু নিদ্ৰাহীন নিযুত ৰাতিৰ
এন্ধাৰ-পোহৰৰ অচিন ফেঁচকুৰি...
দেখা নাই লুইতৰ পুৱাৰ জিলমিল্ বালিচৰত গঙ্গাচিলনীৰ ডেউকাৰ
সৰি পৰা পাখিৰ বাট হেৰুৱা দুখৰ ছাঁ
ক’ত শীত-শিশিৰৰ ৰ’দৰ চোতাল, বাগিচাৰ ফুলে-জোনে পখিলা
আৰু মৌ-মাখিজাকৰ প্ৰেমৰ উছৱ ৰ’দ-বসন্তৰ আৱাহনী...
ক’ত কবিতাৰ গৰ্ভত শুই থকা মেঘ আৰু তৰাৰ দেশ নেদখা সপোনৰ
চিলা উৰা নিশাৰ আকাশ শব্দহীন নীৰৱতাৰ নিশ্চুপ দিগ্বলয়
তেজ-শিশিৰৰ কাব্যময় নিশ্চল সাগৰ য’ত, প্ৰতিটো মুহুৰ্তত জীৱন
আৰু মৃত্যুৰ মণিক জ্বলে;
পোহৰৰ তেজত মূকুলিত হয় প্ৰভাতৰ হেজাৰ পাহি নীল পদুম,
যেন মহাজীৱনৰ সাতো জনমৰ মৌন প্ৰাৰ্থনা সূৰ্যইও নজনা আলোহীন
অনাদি কালৰ
মই বাৰু জীৱিত, অৰ্ধ মৃত, নে মৃত কবৰৰ এন্ধাৰৰ অতল তলিত
কোন সুমেৰুৰ কাম-গন্ধহীন ৰাশি ৰাশি শুধ-বগা বৰফৰ
ফুল
সন্দেহ হয় ভীষণ সন্দেহ হয় মোৰ নিজৰে এই অফুলন অস্থিৰতা
এন্ধাৰৰ জৰায়ুৰ চিৰগোপন, অগভীৰ শব্দপ্ৰেম বলুকাৰ হাফলুত
ভাসমান সৰিৎ সাগৰ
কেতিয়াবা শব্দবোৰেও মোক নৰকৰ ঘাতক অবিশ্বাসী চয়তান বুলি
ককৰ্থনা কৰে; টোপনিৰ শেতলিতে এৰি যায় মোক মাতৃহাৰা অনাথ
শিশুৰ দৰে
কান্দো বুলিও কান্দিব নোৱৰা কাহানিও উচুপিব নজনা
সূৰ্য আৰু আকাশৰ জন্মৰো বহু আগৰ এন্ধাৰৰ কেঁকুৰিৰ শূন্যতাৰ
সোণৰ আঙঠিত বন্দী--
যেন জ্বলি জ্বলি নিঃশেষ হোৱা কবিতাৰ আত্মাৰ নীলযন্ত্ৰণা….
ভাষাৰ সৌন্দৰ্য্য, অনুভৱী কিছু সবাক ছৱিৰ প্ৰয়োজনত শব্দৰ স’তে শব্দৰ নিৰন্তৰ সংঘাত – ভঙা-গঢ়াৰ অনাদি ইতিহাস নে ঐতিহ্যৰ নিয়ৰ-জোনাক
নজহা-নপমা চিত্ৰ-উপমা, হৃদয়ত উজ্জীৱিত হৃদয়ৰ হৰিৎ অলঙ্কাৰ
কহিনুৰৰঙী চকুৰ পতাত জ্বলে কাহানিও নেদেখা নতুন
নক্ষত্ৰপুঞ্জ মুগ্ধ আকাশ বিমুগ্ধ প্ৰাণৰ জোন
মধুবৎ ঋতায়তে, পৃথিৱীত প্ৰেম আৰু যৌৱনৰ নতুন দেৱদূত,
স্বৰ্ণাভ সৃষ্টিৰ প্ৰথম বসন্ত
মৃত্যু আৰু ধ্বংসৰ বুকুতো প্ৰথম শুনিলো মুহূৰ্মুহু নিনাদিত ফুলাৰ
মন্ত্ৰ, যেন গলগাথাৰ শিলনিতো মহাশ্ৰাৱণৰ মধুময় স্বপ্নবৃষ্টি
ৰামধেনুৰ বুকুত পল্লৱিত ফাগুনৰ ফুল আৰু ফাকু আৰু নুনুমুৱা
ৰূপৰ অৰূপ জুই...
সৌন্দৰ্য্যৰ ঈশ্বৰ পৃথিবীৰ পুৰাতন চিত্ৰশালাত আত্মমগ্ন ভেনগঘ্
ব্যয় খবৰৰামকিঙ্কৰ-ৰেমব্ৰাঁ-ব্ৰাকুচিৰ নৱজন্ম; মেঘে-জোনে উৰি ফুৰা
ফুটুকী পখিলা এজাক নেজানো আকাশৰ সিপাৰৰ কোন সৰগত
মায়াময় জোনাকৰ ঘৰ
চকুত কল্পনাৰ কুহেলিকা তুলিকাত বন্দী কিন্ কিন্ বৰষুণৰ
ৰামধেনু, হৃদয়ৰ নীলাকাশত নিমাতী নীলিমা মোৰ অবাক তৰাৰ
দুৰু-দুৰু হৃদয়
এয়েতো হেৰুৱা সৌন্দৰ্য্য মোৰ উদ্ভাসিত হৃদয়ৰ স্বৰ্ণকুম্ভ, সুৰভিত কল্পদৃষ্টি জোৱাৰৰ জোনাকৰ নন্দিত ব্যাকৰণ
অথচ নিঃস্ব মই, আজিও নুবুজো ৰঙ আৰু ৰেখাৰ
আশ্চৰ্য-সুন্দৰ জ্যামিতি
নেজানো শব্দৰ জন্ম ক’ত অন্ত ক’ত অন্তহীন ইথাৰৰ নেদখা ছায়াপথ
নে হেজাৰ আলোকবৰ্ষ ধৰি জ্বলি জ্বলি নুনুমুৱা নক্ষত্ৰৰ তেজৰ
নীল ফিৰিঙতি
হয়তো শব্দ বুলি একো নাই অনন্ত এই অন্তৰীক্ষত;
যি আছে সেয়া আজিও অচিন আজিও প্ৰাচীন বুজিও নুবুজা মাণিকজ্বলা হৃদয়ৰ নীল সাগৰৰ ঢৌ আৰু কুঁৱলীৰ খোপাৰ
সৰি পৰা দুপাহ আধা ফুটা ফুল
অথচ আজন্ম আপোন মোৰ নুশুনা প্ৰাণৰ ভাষা নুফুটা ওঁঠৰ মউসনা মাত, ফুলে-গানে জীৱনৰ যৌৱনৰ যত মানে অপূৰ্ণ অমিয়া;
এন্ধাৰতো পোহৰৰ আকুলতা অন্তহীন জীৱনৰ নপলোৱা পিয়াহ
দিঠক নহয়, সপোনৰ শিশিৰ আৰু পুৱাৰ ঘাঁহনিত নীৰৱে
সৰি পৰা চকুপানী দুটোপাল, হৃদয়ৰ
দগ্ধ বাগিচাত অব্যক্ত দুখৰ মৃত্যুনীল ছাঁ নে শূন্যতাৰ শিল-ধুমুহা
তথাপি কবি মই, কবিতা মোৰ আঙুলিৰ চৌখিন অলঙ্কাৰ
শিল হোৱা চকুলোত কাঁইট আৰু সৰি পৰা দুপাহ ফুলৰ ৰেণু--
তাৰে মোৰ প্ৰাণৰ পূজা, উশাহত আমোলমোল বসন্ত বতাহ
প্ৰেম মোৰ জোনহীন ৰাতিৰ সপোনৰ নিজান নদী
পানীত সোণালী-ৰুপালী মাছ সোঁতৰ পাখিৰ ঢউ সাউদৰ সোণৰ
ডিঙা আৰু বাট হেৰুৱা জীৱনৰ সাধুকথা
দুচকুত হিম হোৱা শব্দ নে নীলৰঙী চকুপানীৰ নেদেখা আকাশ
ছন্দ মোৰ ছন্দহীন তেজৰ হেৰুৱা তৰাৰ ছায়া
ঠিকনাঃঅম্বিকাগিৰি নগৰ, হাউছ নং তিনি,ত্ৰিবেণী পথ, গুৱাহাটী-৭৮১০২৪ফোনঃ ৭০০২৩০৩৮৮২


No comments:
Post a Comment