অৰ্জুন-সখা
জুনু বুঢ়াগোহাঞি
ঈশ্বৰ আৰু ইচ্ছাৰ ঘোঁৰাটোৰ
অপ্ৰতিৰোধ্য গতি
সমুখলৈ
দুৰ্বাৰ
অবিৰত
ভাগৰি নপৰা
সৰলতাৰ লাৱণি আঙুলি
সময়ৰ লৱণত গলে
প্ৰতাৰিত সময়ে লগ এৰাৰ কথা
বুজিও যেন নুবুজিলা
(সৰলতা যে তোমাৰ আজীৱন ভূষণ)
দিছিলা বিলাই ইচ্ছাৰ হাতেৰে
সমস্ত সম্ভাৰ
ভালদিনৰ আকুলতাত চামিলসকল
দুৰ্দিনত নোহোৱা হ’ল
এয়া যে যুগৰ ৰীতি !
এয়া যে অদেখাৰ দৃষ্টি !
অপূৰণীয় শূন্যতাত গজি উঠা
অসহায়ৰ হাতৰ আঙুলিত ধৰি
গতি তোমাৰ অসীমলৈ
মুখ দেখিলেই গৰ্ভ দেখা
তুমি অৰ্জুন-সখা !
পানীৰ দাপোনত আকাশ দেখিও
আৱৰি থকা আন্ধাৰ নেদেখিলা
যি আন্ধাৰে হাতবাউলি মাতি নিলে তোমাক
(কাৰণ পোহৰলৈ সিহঁতৰ ভয়)
আৰু তুমি অভিমন্যু হ’লা
এই যাত্ৰাৰ প্ৰাকক্ষণত তুমি আঁকি থৈ গ’লা
এখন ছবি
এখন ছবি দুৱাৰ-খিৰিকী বিহীন
এটি ৰাজহাউলিৰ
এতিয়া আমি ভালকৈ দেখি আছোঁ
ৰাজহাউলিৰ ভিতৰচ’ৰা
আৰু শুনি আছোঁ
তোমাৰ অবৰ্তমানত ৰৈ ৰৈ উচুপি থকা
তাৰ প্ৰতি চপৰা ইটাৰ
প্ৰতিটি বালিকণাৰ।


No comments:
Post a Comment