তুমি মোৰ প্ৰিয়তম কবিতা
ৰীতে ৰিদম
মোৰ কবিতা কুঞ্জৰ মাজত
তুমি মোৰ আটাইতকৈ প্ৰিয়তম কবিতা
যাক হাজাৰবাৰ পঢ়িও আমনি নালাগে
কবিতা ফুলৰ প্ৰিয়তম সুগন্ধি লৈ
বাৰম্বাৰ হৃদয় উজাৰি পঢ়োঁ
কবিতাৰ প্ৰতিটো শব্দৰ গূঢ়াৰ্থ বুজিবলৈ
মই বহু গভীৰতালৈ সোমাই পৰোঁ
তোমাৰ পৃথিৱীত স্নেহসিক্ত কবিতাৰ সুখৰ মালিতা বিচাৰি উন্মাদ হৈ পৰোঁ
প্ৰিয়তম কবিতাৰ মেৰুমজ্জা চেপি চেপি
মই ৰস পান কৰোঁ
কবিতাৰ পৰা নিগৰিত স্বৰ্ণোজ্জ্বল অৰ্থ
কেতিয়াবা এনে লাগে যেন
মোৰ পৃথিৱীত তুমিয়েই একমাত্ৰ কবিতা
যি পূৰ্ণ কৰে মোৰ ৰিক্ত হৃদয়
তোমাৰ উমাল উশাহৰ অম্লজান শব্দত
মই জী উঠো
সাৰ পাওঁ, উশাহ লওঁ,
শতকায়ুসৰ শক্তি পাওঁ
এন্ধাৰ পৃথিৱীক পোহৰাই তোলাৰ আশাৰে
তোমাৰ চকুৰ পতাত
মই ৰাতিৰ সকলো জোনাক বিলাই দিওঁ
তোমাৰ ওঁঠৰ মৃদু হাঁহিত
সপোনবোৰ ধৰি ৰাখোঁ
যাতে মোৰ দিগন্তত বিলীন হৈ যায়
সকলো স্বৰ্ণখচিত কবিতাৰ শব্দগুচ্ছ
তুমি মোৰ অন্তিম অনন্ত
অলেখ অনুৰাগৰ স্বপ্ন
মোৰ হৃদয়ত ৰচিত
আটাইতকৈ সুন্দৰ কবিতাৰ প্ৰিয়তম শব্দ
তোমাৰ মৃদু মধুৰ স্পৰ্শৰ প্ৰিয়তম নাৰীৰ হাতেৰে গঢ়া
মোৰ কলিজাৰ ৰঙা সূৰ্য
তুমি মোৰ কবিতাৰ অলংকাৰিক শব্দ
মোৰ অনাবিল আনন্দ
তুমি মোৰ প্ৰেমালাপৰ সুমধুৰ ছন্দ
তুমি শূন্য স্পৰ্শৰ উৎস
যাৰ আদি অন্ত নাই
অপূৰ্ণ আশা পূৰ্ণ কৰা তুমি মোৰ প্ৰিয়তম বৰ্ণ
মোৰ চেতনৰ গভীৰতম গহ্বৰৰ এমুঠি জীয়া স্পৰ্শ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment