মো চাহেব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

মো চাহেব

 

মো চাহেব


                    ৰেমী শৰ্মা

                 কাৰ্বি আংলং


চাৰ চাৰ ‘৺’ ক’ত বহুৱাম

মাষ্টৰে বোলে 

শুনা বৎস মোৰ বচন


   “সহস্ৰ মানুহৰ পোনা উপঙি থকাকৈ

  ৰহধলাত বহাগ

     ৰ বুলিলেই ৰৈ যোৱা ৰ’দ আনি

 শেতেলি উমাই লৈছে 


বতাহত দুলি আছে ৰুগীয়া জৰায়ু 

   দুলি আছে ভোক

       দুলি আছে ৰ’দ

 

সমানে হা কৰি এসোপা মুখ 

    ভোক আৰু মৃত পোনা 


অস্পষ্ট 

আচলতে নিলাম যাৰ সিয়েই মৃত”


চাৰ চাৰ ‘:’ ক’ত বহুৱাম

মাষ্টৰে বোলে 

শুনা বৎস মোৰ বচন


 “গা পখালিবলৈ খন্দা হওক যুৰীয়া পুখুৰী

 হয় চাহেব হয় 

     গা টঙাবলৈ বন্ধা হওক বৰচোতাল

 হয় চাহেব হয়’’


উঠা উঠা চকুত পানী মাৰা

কি দেখিছা কোৱা


হাঃ হাঃ

হাঃ হাঃ

বাঃ বাঃ 

বাঃ বাঃ 

সাতহাতীৰ গঢ়


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages