পুহৰ দৰে মনবোৰ শীতল হোৱা হ’লে
মিত্ৰৰঞ্জন টাইদ
লখিমপুৰ
শাক পাচলি বোৰ মচমচীয়া হৈ উঠে
চুলে শীতল শীতল লাগে
আলুবোৰ গোল গোল হৈ উঠে
ৰঙালাউবোৰ সৰু সৰু গুটি কাণ্ডত ভাৰ বৈ ক্ৰমে ক্ৰমে গা গছবোৰ দীঘল দীঘল হৈ বগুৱাবাই আগবাঢ়ি আগবাঢ়ি যায়
ফুলবোৰ নিয়ঁৰত মুকুতাৰ মালা যেন জিলিকি উঠে
কুঁৱলীত ধূঁসৰ হৈ পৰে পথাৰ
পুহৰ শীতল শীতল পৰশ পাই মনবোৰ শীতল শীতল হৈ পৰে
পুহৰ শীতে মেজিৰ আমেজলৈ মনত পেলাই দিয়ে
গৰকীয়া ল’ৰাবোৰে নল খাগৰিৰ গৰু উভটাৰ পৰত এবোজা এবোজা ভাৰ বৈ আনি গাঁৱৰ শিমলুজোপাত ঠিয়কৈ ভেজা দি মেজি দাহ্য গোটোৱা দিনবোৰলৈ কানিমুনিকৈ মনত পেলাই দিয়ে
খেৰণি আৰু ইকৰাণিত গৰু চ’ৰাই ফুৰোঁতে উদু বাহ ভঙা দিন বোৰলৈ মনত পেলাই দিয়ে
খেৰণিৰ পৰা শিয়াল উলাই পলোৱা দেখি পিছখেদা লগোৱা দিনবোৰলৈ
পুহৰ শীতে মনত পেলাই দিয়ে
মনবোৰ পুহৰ শীতৰ দৰে কোমল হোৱা হ’লে ?
সাগৰ - প্ৰশান্ত বা আৰৱ
আটলাণ্টিক বা এন্টাৰক’ৰ্টিকা
প্ৰতি পলে অশান্ত হৈ উঠোঁ উঠোঁ কৰি থাকে
আবেলি বেলিপৰা পৰত দীঘলকৈ পপীয়াতৰা এটি জ্বলি উৰি আহি মাটিত পৰোঁ পৰোঁকৈ জ্বলি ছাঁই হৈ যোৱাৰ দৰে
প্ৰতিপলে অগনি পিণ্ড জ্বলি উঠিব বিচাৰে
ৰাষ্ট নায়কৰ দেশ ৰক্ষাৰ প্ৰতিযোগিতাত
আগ্নেয়াস্ত্ৰৰ প্ৰস্তুুতিৰ প্ৰতিযোগিতা
আগ্নেয়াস্ত্ৰবোৰ জ্বলাই দিলে মানুহ নমৰিবনে বাৰু ?
পুহত কম্বল লৈ উৰিয়াম খৰিৰ আঙঠাত তেতেঁৰা পৰা হাত দুখন সেক এটা দিবলৈ কঁপি কঁপি আগবঢ়াই দিয়া হাতবোৰৰ দৰে
সকলোৱে সকলোৰে হাত কেইখন আগবঢ়াই দিয়া হ’লে বিশ্ব শান্তিৰ বাবে
তেতিয়া পুহৰ দৰেই মনবোৰ শীতল হৈ থাকিলহেঁতেন
পুহৰ কোমল পুৱাৰ এছাটি বতাহৰ দৰেই
মনবোৰ কোমল শীতল হৈ থাকিলহেঁতেন
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment