বৈপৰিত্যঃ চুমাৰ এখন নেদেখা নৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

বৈপৰিত্যঃ চুমাৰ এখন নেদেখা নৈ

 

বৈপৰিত্যঃ চুমাৰ এখন নেদেখা নৈ


                                                  ধৰণী চেতিয়া

                                           চিলাপথাৰ, ধেমাজি


দ্বিধাবোৰ আঁতৰাই 

এটা তপত চুমাই কথা কয় 

ক্লান্তিবোৰ ক্ৰমে নোহোৱা হয়।


নৈ কাষৰ এৰাবাৰীখনে 

মালিক নোহোৱাৰ হেতু 

শোকত ভাগি পৰিছে 

দুখবোৰ চপৰা চপৰে খহিছে।


তমসাচ্ছন্ন জীৱনত 

বাধাৰ প্ৰাচীৰ ভাঙিব পৰাকৈ 

জুৰুলা জুৰুল হৈ পৰা দুখবোৰ 

এতিয়া ক্ৰমাৎ এটা এটা তপত চুমাই 

কাঢ়ি নিছে।


ছুৰিৰে জিনিব নোৱাৰা হৃদয়বোৰক 

এটা তপত চুমাই জিনিছে।


এটা তপত চুমাই 

কলিজাৰ কেঁচা ঘাঁহ শুকুৱাই পেলাইছে।


ভাৰসাম্যহীন জীৱনত  

এটা তপত চুমাই সহবাস কৰিছে।


অকস্মাত হলাগছ হ’ব খোজা প্ৰেমিকবোৰে 

এটা এটা তপত চুমাত জীৱন জীয়াই।


আজি-কালি সংঘৰ্ষবোৰ 

চুমাৰ এখন নেদেখা নৈত জাহ যায়।


চুক্তিবোৰ এটা এটা তপত চুমাত হেৰাই যায়।


প্ৰেমৰ ৰণাংগনত আমিবোৰ এতিয়া 

দিগভ্ৰান্ত প্ৰেমিকৰ দৰে অচল।


প্ৰেমৰ দিবা-নৈশবোৰত 

এটা তপত চুমাত লালিত হয় 

তথাকথিত হীনমন্য জীৱন।


চুমাবোৰ নথকা হ'লে 

আত্মিক বান্ধোনবোৰ কেতিয়াবাই জাহ গ'ল হেঁতেন।


চুমাবোৰ নথকা হ'লে 

হেলেন- নেহেৰুৰ দৰে 

কাৰোবাৰ ওঁঠ চুই 

হৃদয় জিনিব নোৱাৰিলো হেঁতেন।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages