ক’ৰবাত ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

ক’ৰবাত ফাগুন

 

ক’ৰবাত ফাগুন


                              গৰিমা দাস

                     দক্ষিণপাট, নগাঁও


হঠাৎ চৌপাশে অলপ এন্ধাৰ

নক্ষত্ৰ এটাৰ অদৃশ্য

হোৱাৰ আখৰা চলিছে

ঠোঁট ৰঙা চৰাই এটা উৰি

ফুৰিছে আকাশত


উকা কেনভাছত বেপৰোৱা ৰং অলপ ঢালি জীৱন হেৰাইছে


নদী এখন পোন হৈছে নতুনকৈ

অলপ পিছতেই মৃত্যু নিশ্চিত বুলি জানিও 

চাকিৰ জুইলৈ বাট বুলিছে ছগা


একো নাই

বতাহ নাই

নাই উশাহ

তথাপি ফুলিছে নয়নতৰা 

অকণমান আদৰত


ভাঙি থকা বুকুত কাইট গজা নাই

সৰিছে বকুল


ক’ৰবাত সাৰ পাইছে বছৰজুৰি শুই থকা ফাগুন


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages