মই মানুহ হ’ব শিকিছো
মদন দলে
মাজুলী
শব্দ বৈ যায়
মুখে মুখে বাগৰি যায়
সেই শব্দক ধণাত্মক ধ্বনিৰে
প্ৰতিহত কৰি ৰিক্ত কৰিব শিকিছো।
নামি অহা ফটিক নিয়মৰ দৰে
বিৰক্তিৰ উন্মুক্ত প্ৰকাশক
নিগৰি অহা অশ্ৰুক
মচি মচি তাক সাৰ পোৱাই
আনন্দত মুখ মেলিব শিকিছো।
পৰৰ বিকৃত প্ৰকাশক
জীৱনত সনা গুৰুত্ব বাধাক
চাৰিওফালেৰে আগুৰা কাঁইটৰ পৰা
নিজক মেৰিয়াই মেৰিয়াই ওলাই আহিব শিকিছো।
দূখ জীৱনৰ সৰু অধ্যায় মাথো।
দূখেৰে ভৰা মুখখন মূখা পিন্ধি
তাৰ ৰহস্যক ঢাকি
হাঁহিৰ কণ্ঠেৰে নিগৰিব শিকিছো।
জীৱন জীয়াৰ প্ৰকৃত সত্যৰ
জীৱনৰ প্ৰকৃত ৰূপক বুজি
জীৱনৰ প্ৰকৃত লক্ষ্যক জানি
সুখ-দুখৰ পাৰ্থক্য বুজি
জীৱন গঢ়িব শিকিছো।
মই মানুহ হ’ব শিকিছো।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment