পৃথিৱীয়ে আকৌ হাঁহিব
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
আহিবনে সেই দিন
আকৌ এদিন !
সভ্যতাৰ পুনৰুদ্ধাৰ হ’ব
মৃত প্ৰাণীবোৰে
সাৰপাই উঠিব,
গছবোৰে আকৌ হাঁহিব
বনদস্যুৰ হাতৰ কুঠাৰ
ছিটিকি পৰিব,
ভয়াৰ্ত মহিলাসকল
নিৰ্ভয় হ’ব,
দৰিদ্ৰ মোচন হ’ব
বকাসুৰে নোৱাৰে আৰু
গোটে গোটে
গিলিব কাকো
মানুহৰূপী পিশাচবোৰৰ
পটন হ’ব
পৃথিৱীয়ে আকৌ হাঁহিব !
আহিবনে সেই দিন
আকৌ এদিন !
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment