এনেকৈ কেনেকৈ
মাধুৰী সন্দিকৈ
এনেকৈ
হেলনীয়াকৈ পৰা ৰ’দত
এন্ধাৰত পোহৰত
সুখতো দুখতো
সিঁচি থাকে অৰণ্যৰ বীজ
কেনেকৈ
কিহে ধলফাট দিয়ে
কি লহিয়ায়
কোনে আকাশত আঁকে
কোনে ৰং পায়
অৰণ্যৰ আৰাওত
জুই জ্বলোৱা কিটিপটো
সকলোৱে জানে
যেনেকৈ
জানে
যে পানী-ধেমালিত জুই নুনুমায়
যে আঙুলিৰ ফাঁকেৰে বালি সৰকি যায়।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment