বন‌ ফৰিঙৰ মাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

বন‌ ফৰিঙৰ মাত

 

বন‌ ফৰিঙৰ মাত 


                          ধ্ৰুৱজ্যোতি দত্ত 

                    ৰজাবাৰী, বোকাখাত


জিলিকা পাখিৰে

উৰে হিয়াৰ নিভৃত কোণ 

মাতত সৰে সোণ 

পানীৰ শামুকীয়া জোন 

হৰিণী খোজেৰে 

থিতাপি ল’ব খোজে 

এজাক বৰষুণ

অচিন দেশৰ জোন 

আঘোণ যেন সপোন 

অবাক দুহাতত 

কিহৰ সাজোন-কাচোন


ঘনাই শুনো 

ৰিণি ৰিণি 

অদূৰত 

বন ফৰিঙৰ মাত।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages