শৰতে আনে জীৱন জীয়াৰ মন্ত্ৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

শৰতে আনে জীৱন জীয়াৰ মন্ত্ৰ

 শৰতে আনে জীৱন জীয়াৰ মন্ত্ৰ 


                                                  ৰেবা গগৈ

                                                  বোকাখাত


আহা আহা শেৱালীৰ আঁতৰ সানি 

দুহাত মেলি মলয়াত আঁচল উৰাই

জীৱন জোনাকেৰে তোলোঁ উজ্বলাই।


নহ'বা নহ'বা জুই দহি দহি ক'লা পৰি যোৱা 

হোৱা যদি হোৱা এটি শাৰদ জোনালী নিশা

আকাশ পৃথিৱী- ব্যাপি বাজিব কানুৰ বাঁহী 

উন্মিলিত হৃদয়ত বৈ যাব সুখৰ নিজৰা।

 

আজিয়েই,

আজিয়েই সানি লোৱা মুখত সন্তুষ্টিৰ লালিমা 

ওঁঠত সানি লোৱা ৰক্তজৱাৰ এমুঠি ৰঙা 

হৃদয় ৰঙেৰে ৰাঙলী হ'ব 

মুৰুলীৰ সুৰ খেদি আগুৱাই যাবা 

জীৱন পথত বাট বুলি নপৰা ভাগৰি 

আদিগন্ত আৱৰি ৰৈ ৰৈ বাজিব সুখ-প্ৰশান্তিৰ সুৱাগী সুহুৰি....


নৈৰ ধীৰ গতিত 

নিজৰাৰ স্ফটিক পানীত 

আলসুৱা ডাৱৰৰ অফুট হাঁহিত সৰি 

হৰিৎ- ঝাওডৰাক

লয় - লাসে নৃত্যৰতা কৰা 

মই যে শাৰদী ৰানী 

বগলী পাখিত বহি চোঁ মাৰি গুচি যাওঁ

নীলা পাহাৰৰ দাঁতিয়েদি উৰি......


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages