বছৰৰ নতুন দিন নে মাহ
কমলেশ্বৰ কলিতা
তুমি শোৱনি কোঠাৰ খিৰিকীখন মেলি থৈছিলা
গোটেই ৰাতি।
তাৰ পাছৰে পৰা মই মেলি থোৱা হ’লো।
এই যে বাহিৰলৈ চাই থাকোঁ
এই যে নভবাকৈয়ে ভাবি থাকোঁ
ক'ত আৰম্ভ কৰো নাজানো
ক'ত কেনেকৈ শেষ হয় নাজানোঁ
অথচ খিৰিকীখন জানি বুজিয়েতো মেলি থওঁ।
তুমি যাৰ বাবে ৰৈ থাকা মোৰেই
মই যাৰ বাবে ৰৈ থাকো সেয়াও তোমাৰেই।
পুহৰ শেষৰ ৰাতি নে মাঘৰ ৰাতি
বছৰৰ নতুন দিন নে মাহ
মুঠতে খিৰিকীখন মেলি থওঁ।
কিজানি আই নজনাকৈ পিতাইও,
পিতাইও খিৰিকীখন মেলি থৈছিল
কিন্তু তেওঁৰ সন্ধানত নহয়
তেওঁৰ ওঁঠৰ সুহুৰিটোৰ বাবেহে।
তেওঁ সত্য।
সুহুৰিটো তুমিও শুনা নাই কিজানি
হয়তো তেওঁলোকেও !
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment