প্ৰিয়বৰেষুঃ যোগেন টাইড - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

প্ৰিয়বৰেষুঃ যোগেন টাইড



 প্ৰিয়বৰেষুঃ যোগেন টাইড

 

                                                    জীতেন নৰহ


(বিশিষ্ট কবি যোগেন টাইডদেৱলৈ প্ৰথম মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধা‌ৰ্ঘ)

            

সোৱণশিৰিৰ উৰ্বৰ উপত্যকা 

ঘূণাসুঁতিৰ শিতানে-পথানে

সৰিয়হবোৰ ফুলি উঠিছে।

ঘৰমুৱা লখিমীৰ জিৰিক জিৰিক গান

আৰু সৰিয়হ ফুলৰ ফুৰ্ফুৰীয়া সুগন্ধি সানি 

নিৰাভৰণ নৈ খনো নিৰৱে বৈ আছে।

ৰাতি ৰাতি হেমন্তৰ জোনে 

জোনাক ছতিয়াই চিকুণাইছে ভালপোৱাৰ পদূলি।


গতবছৰ ঠিক এনে এটা দিনতেই 

সৰিয়হ ৰখীয়া গাভৰুজনীক 

পথাৰ‌ৰ টঙিঘৰত অকলে এৰি 

তুমি গুচি গ’লা

তাইৰ বাবে শেষৰটো কবিতা নিলিখাকৈ

অগস্ত্য‌ই গুচি যোৱা বাটেৰে...


জানা !

তুমি থকালৈকে সকলো ঠিকেই আছিল।

ঘূণাসুঁতিৰ ৰূপ আছিল, ৰং আছিল, সৌন্দৰ্য আছিল।

চুম্বকীয় হাত বাউলি আছিল।

গাভৰুবোৰৰ ওঁঠত সেউজীয়া অইনিঃতম আছিল।

চাংঘৰে চাংঘৰে ৰসে চৌ চৌ আপঙৰ কলহবোৰৰ 

অন্তহীন অতিথি অপেক্ষা আছিল।

পুৰণি মসৃণ নাওবোৰেও বুকুৰ চিলাই খুলি 

তোমাৰ স’তে সুখ দুখৰ কথা পাতিছিল।

ফুচফুচনী তোলা বতাহবোৰে 

নৈ পাৰৰ কহুৱাৰ সৈতে 

সুমধুৰ সংগীতৰ লহৰ তুলিছিল। 

ঘাগৰ ঘাটৰ বালিচৰত কবিতাৰ মজলিছ বহিছিল।

পানৈ-জংকিৰ প্ৰেমৰ সুবাস বিচাৰি

প্ৰেমৰ পাৰঘাট ঘূণাসুঁতিলৈ

আড্ডা‌বাজ কবিসকল ঢাপলি মেলিছিল।


তুমি গুচি যোৱাৰে পৰা গাভৰুবোৰক

শোকৰ লুনীয়া কাবানে গিলি পেলাইছে।

ডেকাবোৰে প্ৰেমৰ কবিতা লিখিবলৈ এৰিছে।

তোমাৰ চেনেহৰ ছাঁ নাপাই 

নিজান ঘাটত নাওবোৰে সুদূৰ মাজুলীলৈ গুচি যাবলৈ গুণাগথা কৰিছে।

মৃয়মান নতজানু নৈ খনো সংগহীনতাত শুকাই খীণাই আহিছে।


আজি তোমাৰ দদগাং।

শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰাগী,গুণমুগ্ধ সকল আহিছে।

তোমাৰ সান্নিধ্য‌ৰে ঐশ্বৰ্যময় লহমাবোৰ সোঁৱৰিবলৈ।

এখন ফুলাম ফ্ৰেমৰ সিপাৰে তুমি 

ঈষৎ হালধীয়া হাঁহি বিৰিঙাই চাই আছা,

অভ্যাগতৰ চকুৰ কোণেৰে নিগৰি অহা

স্নেহ-শ্ৰদ্ধা মিশ্ৰিত মিকচি চিকুৰ।


চোৱা! লানি নিচিগা সোঁত বৈছে তোমাক শ্ৰদ্ধা জনাবলৈ।

হয় ! তোমাৰ হৃদয়তো কোনো সীমান্ত চকী নাছিল

বুকু ভৰি আছিল কেৱল ভালপোৱা,

ভালপোৱা আৰু ভালপোৱা।

তোমাৰ ভালপোৱা‌বোৰ গুটিমালি ফুল হৈ

সুবাস বিলাইছিল কবিতাৰ আখৰত।

তুমি ভাল পাইছিলা পহু,পখী, প্ৰকৃতিক।

ভাল পাইছিলা শ্ৰমজীৱি কৃষক‌,

ঘাটোৱৈ, মাছুৱৈ, নৈ, নাও, জোনাক, ঝাওবনক।

ভাল পাইছিলা ধান মাহ সৰিয়হ

আৰু কেঁচা মাটিৰ অমল সৌৰভক।


বেয়া পাইছিলা কৃত্ৰিম‌তা, প্ৰেমহীন, আখলহীন আধুনিক মানুহৰ আভিজাত্যক।


হে প্ৰিয় কবি

শ‌ইচ বিলাসী তোমাৰ অবিনশ্বৰ আত্মাক

আজি জনাইছোঁ শেষ শ্ৰদ্ধাঞ্জলি।

তুমি বিয়পি থাকা তোমাৰ প্ৰিয় ঘূণাসুঁতিৰ শ‌ইচ‌ৰ পথাৰ, জোনাক, আৰু প্ৰিয় মানুহৰ ভালপোৱাৰ বুকুৱে বুকুৱে

ভালপোৱাৰ হৃদয়ে হৃদয়ে!!


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages