ইউকেলিপ্তাছৰ দৰে হাত এখন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

ইউকেলিপ্তাছৰ দৰে হাত এখন

 ইউকেলিপ্তাছৰ দৰে হাত এখন


                                                               ৰেবিকা নেওগ


ইউকেলিপ্তাছতকৈও দীঘল হাত এখনে বচাই ৰাখে

বিষাক্ত সাপ, হিংসুক পশু ইত্যাদি ইত্যাদি

মেৰিয়াই ৰাখে একোটা বিয়াগোম শৰীৰ

তন্দ্ৰতাপৰ দৰে থিয়দঙা দি বচাই ৰাখে অপৰাধ

বিষ ঢালি দি অমৃত কাঢ়ি ফুলাই ল'ব পাৰে কপাল

ৰামধেনু ৰঙী জীৱন একোটা পি 

গঢ়ি তোলে বিশাল পেট

সাগৰ সদৃশ একোটা মোনা


কেনেকৈ বাৰু কঢ়িয়াই ফুৰিব পাৰে ইউকেলিপ্টাছৰ দৰে এখন হাত!

কেনে সন্মোহন কৰি মাৰি পেলাব পাৰে এটা পকা সত্য!

কেনেকৈ হেঁচি চিলাই থ'ব পাৰে একোখন প্ৰতিবাদী মুখ!

মানুহবোৰক টোপনি পিন্ধাই 

কেনেকৈ লুটি লয় মুখৰ মাত!

কাঢ়ি আনে অমূল্য জীৱন!

কেনেকৈ কৰিব পাৰে সততাৰ লুণ্ঠন!


এনে হাত এখনত ধৰিয়েই উলমি থাকে এজাক পুঠি-খলিহনা 

অথবা ডঁৰিকণাৰ পোণা 

ইউকেলিপ্তাছৰ দৰে হাত এখনেই ৰুদ্ধ কৰি দিয়ে হেজাৰোধিক নিকা উশাহ

ইউকেলিপ্তাছতকৈও দীঘল হাত এখনে বচাই ৰাখে

বিষাক্ত সাপ, হিংসুক পশু ইত্যাদি ইত্যাদি।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages