অনুভৱৰ পল অনুপল
মিনাক্ষী বৰগোহাঁই
হাতীগাঁও
তুমিচোন জানাই বন্ধু_
নতুনৰ সন্ধানত দুচকুত লৈ ফুৰো অঘৰী সপোন
অন্তহীন মোৰ যাযাবৰী যাত্ৰাৰ
শেষ ক’ত ?
তথাপিতো নাপাহৰো
মোৰ এই ওপজা মাটিৰ গোন্ধ।
শ্যামলী পৃথিৱীৰ জীৱন দায়িনী
মুক্ত বতাহৰ তালে তালে নাচে
জিৰিজিৰি আঘোণৰ সোনোৱালী শইচ।
মোৰ উৱলি যোৱা ভগা পঁজাত
কেতিয়াবা এপলক থমকি ৰয়হি
মোৰেই অঘৰী সপোনৰ
একাঁ বেকাঁ ছাঁয়া।
আঘোণৰ পথাৰত - মেটমৰা সপোন বোজাই
টোপাটোপে সৰি পৰে
মোৰ সুহৃদৰ এচলু লুণীয়া।
সাতোৰঙী ৰামধেনুৰ ৰংভৰা আশাৰে
অসহায় দুহাত তুলি মই মাথো
আকাশলে’ মূৰ তুলি চাওঁ
প্ৰতিটো পল-অনুপল।
নীৰৱতাৰ ছাঁয়াত ৰৈ সংগোপনে
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment