আঘোণ
প্ৰসেনজিত চায়েঙীয়া
(বহুত দিনৰ মূৰত এই অভাজনে লিখিছে,আগত কবিতা বুলি ক'লে বলিয়া হোৱা এই অভাজনে এতিয়া কবিতা লিখিবলৈ পাহৰি গৈছে, তথাপি চেষ্টা এটা কৰি চালোঁ)
এজাক কুঁৱলীৰ কোমল স্পৰ্শত জী উঠা শান্তিৰ উপত্যকাৰ নামে হ’ল আঘোণ
এইমাত্ৰ নদীৰ গৰ্ভৰ পৰা উৰি আহি তপা মুঢ়াৰ শীৰ্ষত অৱস্থান লৈ থকা পানীকাউৰীৰ কোমল আনন্দৰ পৰা জন্ম হোৱা নামে হ'ল আঘোণ
নৰাৰ পেঁপাৰ গুমৰাগত নাচি ভাল পোৱা আঘোণ
ৰবাব টেঙাৰ সুগন্ধত থাকিব নোৱাৰা আঘোণ
কাঁচিৰ জক্ জক্ শব্দত সুৰ দি ভালপোৱা আঘোণ
ধানৰ জিৰিক জাৰকত ক্লান্ত মুক্ত হোৱা আঘোণ
কুৱলীয়ে ঢকা ধাননি পথাৰৰ আকাশ চাব জনা আঘোণ
ক'ত আছিলা ইমান দিন ক’ত ফুৰিছিলা ইমান দিন
বছৰে বছৰে আঘোণ আহে ঘৰে ঘৰে পথাৰে পথাৰে চহৰে চহৰে গাঁৱে গাঁৱে
আঘোণ আহে বাবে জী থাকিব পাৰিছোঁ
এফাকি দাৱনীক কপোৱা ঐনিতমৰ সুৰ শুনি
এইবাবেই আমি ক’ব পাৰোঁ আঘোণৰ নালাগে ভাগৰ নালাগে জগৰ
কৃষকৰ বুকুত আলফুলে টোপনিয়াই
দাৱনী ৰুৱনীৰ দুমুঠিৰ ঘৰ্মাক্ত আঙুলিবোৰ আঘোণৰ প্ৰিয় প্ৰেমিক চৰাই
পৰিভ্ৰমী কূঁৱলীৰ দুপাখিত আলফুলে দুলি দুলি নামি আহে আঘোণ
কৃষকৰ বুকুৰ অনিয়ন্ত্ৰিত উৎসাহ আৰু উলাহৰ হ্ৰদত প্ৰথমে টোপনিয়াই টোপনিয়াই
দাৱনীক বিচাৰি অহা এই আলসুৱা আঘোণ
মোৰ ঘৰৰ নিমন্ত্ৰণিত অতিথি তয়েই হ'ব লাগিব
মোৰ প্ৰেয়সীৰ দুহাতেৰে গঢ়ি তোলা সু-স্বাদু আপঙৰ হ্ৰদৰ অতল গহবৰত এৰাতি টোপনিয়াই টোপানিয়াই এফাঁকি ঐনিতম গায় যাওঁ
আইৰ আচলত লুকাই ভালপোৱা আঘোণ
পিতায়ে কঢ়িয়াই অনা ডাঙৰিত ওলমি ওলমি আহি
ভঁৰালৰ উমৰ উপত্যকাত ঢলি পৰা আঘোণ
তই আকৌ নহাকৈ নাথাকিবাদেই
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment