হেমন্ত
ৰিজু মণি বৰা
নগাঁও
মই মোৰ বুকুত হাত দি চাওঁতেই দেখোঁ
এটি উধ্বমুখী দুপৰ নিশা
ক্ৰমান্বয়ে মোৰ ফালে আগবাঢ়ি আহে
নিৰ্ভয়ে, নিঃসংকোচে
নিশাটোক বহিবলৈ দি
নিজকে সুধিলোঁ
ধূসৰতাৰ চেলেং গুচাই
কোন আহিছে মাজ বাটত সংগ দিবলৈ আজি
সকলোবোৰ দেখোন এতিয়া স্থবিৰ হ’ব ধৰিছে
থিক পাহৰখনৰ দৰে
আমাৰ সৈতে গৈ থকা যেন লাগে যদিও
প্ৰকৃততে একেঠাইতে ৰৈহে থাকে
কেতিয়াবা বিভ্ৰাট চিলা উৰে আকাশত
জোৰকৈ টানি আনিব বিচাৰিলে
এৱাসূতা ছিগে
ক্ৰমে শুকাবলৈ ধৰা নৈ খনে মোক ক’লে
বসন্ত ভটিয়াই যোৱা বহু পৰ হ’ল
এতিয়া তুমি কিহৰ অপেক্ষাত আছা?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment