এঙা-চোলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

এঙা-চোলা

 

এঙা-চোলা


                       ববী কলিতা

           সুন্দৰীশাল, কামৰূপ


চৌদিশে ধুঁৱলি-কুঁৱলি

নৰ মনিচ চিনিব নোৱাৰি,

দশোদিশে দিন দূপৰতো

জ্বলাব লাগে পথত

যান-বাহনৰ লাইট।

চকুৰ সন্মুখতে ঘটিছে

দূৰ্ঘটনাবোৰ,

কাৰোবাৰ মৃত্যু,

কাৰোবাৰ গুৰুতৰ আঘাট।

বৃদ্ধলোকৰ মৃত্যুৰ বাতৰি 

দিনে-দিনে বাঢ়ি গৈ আছে,

জাৰৰ কোবত ঠেটুৱৈ ধৰিছে

জীৱকুলৰ।

পানী চুবলৈ ভয় লাগে

জানোচা হাত চিঙি যাব,

নিত্য নতুন ঠাণ্ডাৰ সামগ্ৰী 

বজাৰ ভৰিছে বিধে বিধে।

ব্যৱহাৰ হৈছে চহৰৰ লোকৰ ঘৰত

ঠাণ্ডা কমাবলৈ ৰুম হিটাৰ,

গাঁওৰ মানুহে চোতালত উম লৈছে

জুইৰ কাষত।

দিনৰভাগ চলি যায় যেনে তেনে,

আবেলিৰপৰা চেঁচা পৰি  আহে,

জয়াল হৈ পৰে

চাৰিওফালৰ পৰিৱেশ।

শীত আহিলেই বৰকৈ 

মনত পৰে ককালৈ,

ঠাণ্ডাত জুইৰ কাষত বহি

জুইত বনোৱা চাহ খোৱা কথা।

আৰম্ভ কৰে ককাই সাধুকথা

ৰজা-মহাৰজাৰ,

আৰু শুনাই আমাক

ৰামায়ণ-মহাভাৰতৰ কথা।

ককাই কৈ যায় 

আমিবোৰে শুনি যাও,

ৰস পাও ককাই কোৱা কাহিনী

আজিও পাহৰা নাই সেইবোৰ।

আৰু মনত পৰে ককাই

শিকোৱা কামবোৰলৈ,

মনত পৰে ককাই ধুতিৰ সৈতে

পিন্ধা এঙা-চোলাটোলৈ বৰকৈয়ে।

বজাৰে-সমাৰে,অলিয়ে-গলিয়ে

বিচাৰো আজিও

কিন্তু আজিলৈকে বিচাৰি নাপালোঁ

ককাই পিন্ধা এঙা-চোলা পিন্ধিবলৈ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages