নিয়ৰৰ সুহুৰি
মাতু হাজৰিকা
বিশ্বনাথ
(১)
পুৱতি নিশাৰ ঘুমটি
জাৰত কঁপি সাৰ পায়
টোপ টোপ নিয়ৰৰ
সিৰসিৰোৱা সুহুৰি...
বেৰৰ জলঙাত বতাহে
খুন্দিয়াই যায়।
(২)
সপোন ঠেঁটুৱৈ ধৰে
বিচাৰি উমৰ ৰ’দ
বুকুত বালিচৰ।
শুকান বতাহৰ গান...
(৩)
নৈৰ যুৱলীচোন কুঁৱলীয়ে ঢাকি থয়,
শিলৰ বুকু সাৱটি
শুকান বালিৰ এই উশাহ !
চৰাই এটা হৈ বহি থাকে...
(৪)
বাঁহীৰ মাত বিষাদ হৈ ভাঁহে
টোপনি নাহে
বুকুত লাগি থকা দুখ
নিয়ৰত তিতা
দূবৰীৰ কেঁচা গোন্ধ !
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment