বেদনা
ভৈৰৱ কুলি
দহঘৰীয়া, বিহপুৰীয়া
কাৰোবাৰ বাঁহীৰ কৰুণ সুৰত
জোনটোৱে চকুলো টুকিছিল;
তুষাৰ পৰিধি অতিক্ৰম কৰি অহা
সপোন সদৃশ
অস্ত সংগীতৰ সুৰ শুনি
সাৰ পায় উঠিছিল নিদ্ৰাশীল
মোৰ মনৰ শব্দবোৰ।
যন্ত্ৰণাবোৰ কিমান গধূৰ হ’লে
এটা কবিতাৰ সৃষ্টি হ’ব পাৰে;
কবিতাবোৰ কিমান গধূৰ হ’লে
শব্দবোৰ কাষ চাপি আহিব পাৰে
আৰু
কিমান জোৰেৰে বতাহ বলিলে
ফাগুন চিঠি লৈ বসন্ত নামি আহিব পাৰে
তোমাৰ চোতাললৈ।
বিষাদ বেদনাই বুকুত খুন্দিয়াই
তথাপি জীয়াই আছোঁ মাথোঁ তুমি আহিবা বুলি
অতীতৰ স্মৃতিক লৈ বিষাদত
দুখ আজিও বাঢ়ে প্ৰতিক্ষণত
হলেও জীয়াই জীয়াই মাৰিছো হাঁহি।
তুমি মাথোঁ মোক এটা কথা জনাবা
নিশাবোৰ কিমান গভীৰ হ’লে
শব্দবোৰ মনলে কাষ চাপি আহিব পাৰে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment