ঈশ্বৰ পুত্ৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

ঈশ্বৰ পুত্ৰ


 ঈশ্বৰ পুত্ৰ


                    জয়ন্ত শইকীয়া

                              মাজুলী 


শোকাকুল জনতাই 

যন্ত্ৰণা এটা সাৱটি থাকোঁতেই 

বেলি আহি মুৰৰ ওপৰ পালেহি 

তথাপি ন্যায় 

দোমোজাত এতিয়াও।


খবৰ সন্ত্ৰাসত বিয়পি আছে 

শংকা অবিশ্বাসৰ 

ভয়াবহতা আজিও


দিও বুলিও 

বিদায় দিব পৰা নাই কোনেও

দিনে দিনে বাঢ়িছে মাথোঁ 

বুকুৰ বিষ।


এফালে ন্যায়ৰ গয়নাৰে 

ভিতৰি ভিতৰি 

নিৰ্মিত এখন জাল

সেইজালত আৱদ্ধ

এখন দুখন কৰি অনেক ভৰি হাত।


আনফালে চলাইছে এখন বেহুৰ প্ৰস্তুতি

তাৰমাজতে আকৌ এচামে ছটিয়াই ফুৰিছে

চাতুৰিৰ বিহগুটি।


এচামে অনবৰতে

কঢ়িয়াই ফুৰিছে এডাল জখলা।


হেজটেগত 

ন্যায় বিচাৰি ফুৰা 

আমিও জানো কম!!

সামাজিক মাধ্যমত

শোকৰ প্ৰসাধন সানিছো

অথচ বাস্তৱত দৃষ্টিহীনতাৰ ভাও ধৰিছো।


শোকাকুল জনতাই 

যন্ত্ৰণা এটা সাৱটি থাকোঁতেই 

বেলি আহি মুৰৰ ওপৰ পালেহি 

তথাপি ন্যায় 

দোমোজাত এতিয়াও।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages