পবিত্ৰ আলি আঃয়ে লৃগাং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

পবিত্ৰ আলি আঃয়ে লৃগাং

 

পবিত্ৰ আলি আঃয়ে লৃগাং


                                                    নিপু কুমাৰ দাস 

                                              কাজিপাৰা, নলবাৰী


শিমলুৰ ৰঙা ৰঙত যেতিয়া ফাগুনে ধপধপায়,

লুইতৰ পলসুৱা বুকুত বাজে বসন্তৰ প্ৰথমটো সুৰ—

আলি আঃয়ে লৃগাং।

সেয়া মাথোঁ এটা উৎসৱ নহয়,

সেয়া পৃথিৱীৰ বুকুত সেউজীয়াৰ এক আদিম শপত।


লৃগাং মানেইতো চুই যোৱা মাটিৰ সুবাস,

যি সুবাসত নিহিত থাকে মিচিং ডেকাই সিঁচা

মুঠি মুঠি সোণালী সপোনৰ বীজ।

‘আলি’ৰ পৰা ‘আঃয়ে’লৈকে বিস্তৃত এই যাত্ৰা—

যেন এজনী গাভৰু পৃথিৱীৰ গৰ্ভত

প্ৰাণৰ অংকুৰণৰ এক মহান উৎসৱ।


‘গুমৰাগ’ৰ সেই তালত কঁপি উঠে ধৰণীৰ ধমনী,

যি শব্দই কঢ়িয়াই আনে বৰষুণৰ আদিম প্ৰতিশ্ৰুতি।

অঁকাই-পকাই নাচি থকা নাচনীৰ হাতৰ মুদ্ৰাবোৰ

ঠিক যেনেকৈ বতাহত হালি-জালি থকা

প্ৰথমটো ধানৰ কুমলীয়া আগ।


আধুনিকতাৰ পকী আলিত ধূলি উৰিলেও

আজিও লৃগাঙৰ প্ৰতিটো পোহৰত জ্বলি থাকে

একো একোটা পুৰাতন বিশ্বাসৰ দাপোণ।

‘আপং’ৰ নিচাত নহয়, কৰ্মৰ নিচাত মতলীয়া হোৱা

এইয়া এক শ্ৰমৰ মহাকাব্য—

য’ত সৃষ্টিৰ উম লৈ সাৰ পায় উঠে

হেজাৰ বছৰীয়া এক স্বাভিমানী সংস্কৃতি।


আলি আঃয়ে লৃগাং—

মাটি আৰু মানুহৰ মাজত গঢ়ি উঠা

এক অংগাংগী প্ৰেমৰ চিৰন্তন দস্তাবেজ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages