সময়
দেবাংগ সাগৰ ডেকা
কলাইগাওঁ, ওদালগুৰি
(১)
সময়-
এক নিৰব শিক্ষক,
যিয়ে কেতিয়াও কথা নকয়,
কিন্তু সকলো শিকাই-
অপেক্ষা, সহনশীলতা, আৰু বিদায়।
(২)
সময়—
এটা নিশব্দ পথিক,
যিয়ে নীৰৱে পিন্ধাই
জ্ঞানৰ জোতা,
আৰু হৃদয়ত সাজে
অপেক্ষাৰ দীঘল ৰাস্তা
(৩)
মানুহে সময়ক ধৰে,
কিন্তু সময়েহে ধৰে মানুহক।
যি হেৰুৱাই সেয়া হয় স্মৃতি
যি থাকে সেয়া হয়
জীৱনৰ গান !!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment