মাজুলীৰ কনেং
ৰাজীৱ ৰাভা
পানেৰি, ওদালগুৰি
উজাই আহিবানে তুমি মাজুলীৰ কনেং
মোৰ বুকুৰ মাজলৈ
মাজুলীৰ বালিচাপৰিৰ চাংঘৰত বহি
আই নিঃতমৰ সুৰে সুৰে প্ৰাণ ঢালি নচা
মাজুলীৰ কনেং তুমি
উজনিৰ বুকুৰে চলা ৰে’লগাড়ীত উঠি
ভটিয়াই আহিবানে তুমি মাজুলীৰ কনেং
মোৰ বুকুৰ মাজলৈ !
তেতিয়া মই বুকুৰ মাজত চাংঘৰ সাজিম
যদি তুমি ভটিয়াই আহা
নামনিৰ চাংঘৰত বহি আই নিঃতমৰ সুৰে সুৰে
বজাবা তুমি প্ৰেমৰে বেহেলা
বেহেলা বাজিলে মোৰ বুকুত মেঘে গাজিব
ডুগু ডুগুকৈ ডম্বৰু বাজিলেই
মোৰ মনকাশত প্ৰেমৰ ঢৌ উঠিব
ভটিয়াই আহিবানে তুমি মাজুলীৰ কনেং
ঘূণাসুতিৰ জংকী আৰু পানেইৰ দৰেই
আমি দুয়ো আজীৱন একেলগে থাকিম
আমাৰ সন্তানহঁতে ভৱিষ্যতে বখানিবলৈ
আমাৰ সচাঁ প্ৰেমৰ কাহিনী।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment