অমাৱশ্যাৰ ৰাতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

অমাৱশ্যাৰ ৰাতি

 

অমাৱশ্যাৰ ৰাতি


                            যোগেশ্বৰ লাগাচু 


অমাৱশ্যাৰ ঘন-ঘোৰ ৰাতি

ৰি-ৰিয়াই কাণ তাল-ফাল গীত গাইছে কুমটি


নিসংগতাৰ বুকুত

এন্ধাৰৰ মাজতে ভাঙে টোপনি

কৌতুহল, আধা লিখা উপন্যাস 

ভাহি আহে স্মৃতি, জোনাকী জোনাকী প্ৰতিচ্ছবি

তৰালি তৰালি কাহিনী


অথচ 

এই অমাৱশ্যাৰ ৰাতি 

এন্ধাৰত বাট হেৰাইছোঁ মই

ক’ত থও হাত...

ক’ত দিও ভৰি...


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages