হেঁপাহৰ ভোগালী
উৰিশ্মা নাথ
গৰুখুটি, দৰং
নৱবৰ্ষৰ শুভক্ষণত শীতৰ বতাহ জাকে,
কানে কানে দিলেহি সুখৰ আগজাননী।
চাৰিওফালে কেৱল মাথোঁ উদুলি-মুদুলি,
চাওঁতে চাওঁতে আকৌ আহি পালেহি
অসমীয়াৰ বাপতি-সাহোন চেনেহৰ ভোগালী।
মহিলাসকল এতিয়া হৈ পৰিছে ব্যস্ত
হেঁপাহৰ ভোগালীক আদৰিবলৈ,
কিমান যে মন তেওঁলোকৰ
বিধে বিধে লাড়ু পিঠা বনাবলৈ।
সন্ধিয়া গৃহস্থৰ ঘৰে ঘৰে দিয়ে
সৰু-বৰ ডেকা ল'ৰাই হৰিধ্বনি,
আশীৰ্বাদ কৰে কৃষিজীৱি অসমীয়াৰ
ভঁৰাল শস্যৰে হৈ পৰক উভৈনদী।
পথাৰত ডেকা ল'ৰাই সাজিছে ভেলাঘৰ,
উৰুকাৰ দিনা সকলোৰে দেহ-মন
আনন্দত যেন উখল-মাখল।
লগে-ভাগে ভেলাঘৰৰ বাকৰিত মিলিব,
হাঁহে মাহে উদৰ পূৰাই তৃপ্তিৰে এসাজ খাব।
দোমাহীৰ দিনা অগ্নিদেৱতাক স্মৰণ কৰি,
পুৱতিৰ অৰুণত সেৱাৰে মেজিত জুই জ্বলাব।
সমাজৰ পৰা অসূয়া-অপ্ৰীতি নাশ কৰিবলৈ,
গাঁৱৰ ৰাইজে উচ্চস্বৰে দিব হৰিধ্বনি।
কনিষ্ঠজনে জ্যেষ্ঠজনক জনাব সেৱা,
গৃহস্থই জা-জলপান আৰু পিঠা-পনাৰে
সকলোকে জনাব হেঁপাহৰ ভোগালীৰ ওলগনি।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment