সমান্তৰাল কাহিনী এটা
জ্যোতিস্মিতা বৰা
যোৰহাট
মানু্হজনে কাহানিও বেয়া পোৱা নাছিল
কাহানিও কথা কোৱা নাছিল,
অপ্ৰত্যাশিত ভাৱেই এদিন মানু্হজনৰ জুই যেন চকুদুটা
পানী পানী হৈ পৰিছিল
তাৰ পিছত আৰু আমাৰ কথা হোৱা নাই
মই দিওঁ, তেওঁ লয়।
মানু্হজন কবি নাছিল,
এদিন হঠাৎ দাপোনত নিজৰ মুখমণ্ডলত জিলিকি উঠা
খাল-বিলবোৰ দেখি তেওঁ কবিতা লিখিছিল
জীৱনৰ,
সমাজৰ,
সমাজখন তেওঁৰ পৈতৃক সম্পত্তি নাছিল
তেওঁৰ কবিতাত বোলে ময়ো আছিলোঁ
মোকেই গঢ়িব নোৱাৰিলে সময়ৰ বাধাত
সমাজক কেনেকৈ গঢ়িব (!)
তেওঁৰ কবিতাবোৰৰ দৰে এদিন
ঘৰটোও পৰিত্যক্ত হৈ ৰৈছিল,
আৰু ঘৰখনৰ আগন্তুক শূণ্যতাৰ উমান পাই
তেওঁ একো নোকোৱাকৈয়ে ওলাই গ'ল ঠিক তেনেকৈয়ে
বুকুত লিখি লিখি মৃত্যুৰ পদ্য
তাৰ পিছত সকলো খালী
তেওঁ ওলাই যোৱাৰ পিছত মোৰ চকুত উৰিছিল পোহৰ
মোৰ মনত ভাহিছিল এটি শান্তিৰ সুৰ
এতিয়া তেনে এটি শান্তিকেই পূজা কৰি
মই ৰৈ আছোঁ বহু বছৰ পিছত সেই পুৰণি খালী ঠাইত,
তেওঁ নোকোৱা কথাবোৰ বিষ এটি হৈ পৰাত উশাহত কষ্ট হৈছে
তেওঁৰ দৰে ময়ো ক’বলৈ নহ’ল একোকে
ঘৰটোত থকা নতুন মানুহখিনিক।
তেওঁ নৰকৰ কবিতা লিখিছিল,
মই স্বৰ্গৰ কাহিনী লিখিছোঁ
ঠাই একেখনেই, বৃদ্ধাশ্ৰম।

No comments:
Post a Comment