অল্প চিনাকি প্রশ্ন
মিনাৰুল আহমেদ
অভয়াপুৰী
তোমাৰ পৰীক্ষাত অহা
সেই অল্প চিনাকি প্রশ্নটো,
যিটো তুমি এবাৰো
লিখিব চেষ্টা নকৰিলা।
প্রতিক্ষাৰ কাগজ পৃষ্ঠাত,
সহজ-সৰল চিনাকি প্ৰশ্নবোৰ,
সুকোমল সোঁ হাতৰ
কোমল আঙুলিৰে কলম তুলি,
উচ্চ স্মৃতিৰ সংৰক্ষণত,
দৃঢ় আৰু গভীৰ সংকল্পেৰে—
কলম থমকি যোৱা সত্ত্বেও
লিখনৰ পথত আগবাঢ়িলা।
জটিলতাৰ মাজতো
বাম হাতত মূৰ ঠেকাই,
অনুধ্যান আৰু বুদ্ধিৰ গুণত
ভূল ত্ৰুটিবোৰৰ মাজেৰে,
অতিৰিক্ত পৃষ্ঠা লৈ
সমূহ প্ৰশ্নৰ উত্তৰ লিখিলা।
অমূল্য সময়ৰ নাটনিত
ইতিমধ্যে লিখা প্রশ্নবোৰৰ,
পুনৰ নিৰীক্ষণত ওলোৱা
ভূল - ত্ৰুটিবোৰ শুদ্ধ কৰি,
পৰীক্ষা সমাপণ কৰিলা।
তথাপি...
তোমাৰ পৰীক্ষাত অহা
সেই অল্প চিনাকি প্ৰশ্নটো,
এবাৰো লিখিব চেষ্টা নকৰিলা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment