বিষাদৰ লোতক
উৰিশ্মা নাথ
গৰুখুটি, দৰং
মৌনতাৰ টোপোলা বোকোচাত লৈ
উজাই গৈছিলোঁ শান্তিৰ চহৰখনলৈ;
মনতে আশা— অলপ শান্তি পাম,
যিহেতু মই আলহী এই অচিন চহৰত।
হঠাৎ কোনোবাই মাতিলে ৰিঙিয়াই—
“ৰ’বা, মোক এৰি ক’লৈকো নাযাবা,
মই তোমাৰ চিৰকালৰ সংগী,
এই সত্যটো পাহৰিলা নেকি কোৱা?”
উচপ খাই পিছলৈ ঘূৰি চালোঁ—
কণ্টকাকীৰ্ণ পথত কোনো নাই,
নিস্তব্ধতাৰে ভৰা এই বাটত
মই চোন একমাত্ৰ পথিক।
আকৌ ক’লে সেই অদৃশ্য স্বৰে—
“ভয় নকৰিবা, মই সদায় আছোঁ,
আজীৱন তোমাৰ লগতেই থাকিম।”
মই সুধিলোঁ, “ক’ত থাকিবা তুমি?”
উত্তৰত হাঁহিৰে ক’লে—
“তুমি নাজানা নেকি এতিয়াও?
তোমাৰ দুচকুৰ কোণতেই
মোৰ চিৰস্থায়ী বাসস্থান।”
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment