নিসংগতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

নিসংগতা

 

নিসংগতা


                         ডিম্বেশ্বৰ পাদি

                               গোগামুখ


তুমি আতৰি যোৱাৰ

দিনৰ পৰা

নিসংগতা মোৰ প্ৰিয়

হৈ পৰিছে জানা৷

নিসংগতাই মোৰ বুকুত

আশ্ৰয় ল’লে।

নিসংগতাই মোৰ আজি

প্ৰিয় বন্ধু।

তুমি নথকাৰ অনুভৱ

আজি

মনত যন্ত্ৰণাৰ জুই।

তুমিহীন জীৱন

দিনবোৰোঁ ৰাতি

হৈ এন্ধাৰ হ’ল।

অতীতৰ মধুৰ দিনবোৰ

যি দিনা মনত

উজ্জীৱিত হয়

নিসংগতা হৈ পৰোঁ

মই।

জীৱনৰ

সকলো আশা

মায়াহীন জীৱনত

তোমাৰ বিনে

শেষ হয় গ’ল।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages