মিচিং গাঁৱত ব’হাগ বিহুৰ পৰম্পৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 4, 2026

মিচিং গাঁৱত ব’হাগ বিহুৰ পৰম্পৰা

 

মিচিং গাঁৱত ব’হাগ বিহুৰ পৰম্পৰা 


কৃষ্ণ কান্ত মেদক


    ই জনা হোৱাৰ পৰা ব’হাগ বিহুত মিচিং সকলে পালন কৰা দেখি আহিছো। বিশেষকৈ দেউতাই ৰাইজৰ ৰাজহুৱা দায়িত্বত থকা বাবে বিহুৰ সময়খিনি নিচেই ওচৰৰ পৰা পাইছিলো। দেউতাই আমাৰ গাঁৱৰ তিড়িবড়া হিচাপে বহু বছৰ দায়িত্বত থকা বাবে ব’হাগ বিহুৰ লগতে ৰাইজৰ ৰাজহুৱা কাম সমূহত স্বতস্ফুতভাৱে জড়িত হৈ পৰিছিলো। মায়ে কোৱা মতে দেউতাই ডেকা কালৰ পৰাই ৰাইজৰ দায়িত্বত থাকি ভাল পাইছিল বাবে আমি সৰু হৈ থকা সময়খিনিতো বেছিভাগ সময় সমাজৰ কামতে ন্যস্ত হৈ পৰিছিল। পুৱা-গধূলি ৰাইজৰ কামত ব্যস্ত থাকোতে আমাৰ বেমাৰ-হাজাৰ হ’লেও মায়ে প্ৰায় চিকিৎসা সেৱাৰ দায়িত্ব পালন কৰিছিল। যেতিয়া আমি ভাই-ভনী সকলে জনা হৈ পৰিলোঁ তেতিয়া দেউতাই আমাৰ ২ নং ভাটি মেদক গাঁৱৰ তিড়িবড়া হিচাপে আছিল। ব’হাগ বিহু বা আলি আই লৃগাঙত বিহু সামৰি ৰাতি বহু দেৰিলৈকে ঘৰত নাহিলে আমি ভাই-ভনী আটায়ে লেম্প বা টৰ্চলাইত লৈ দেউতাক বিচাৰি আনো। তাহানিৰ গাওঁ আৰু বৰ্তমানৰ গাওঁ পৰিচালনা কৰা নীতি বহুতো পৰিৱৰ্তন হৈছে। জ্যেষ্ঠ জনৰ পৰা কনিষ্ঠ জনলৈ সমিল মিলেৰে থাকি গাঁৱৰ যিকোনো উন্নয়নমূলক কামত সমুহীয়াভাৱে কাম সম্পাদন কৰিছিল। যিজনে ৰাইজৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰে তেওঁৰ বিৰুদ্ধে সমাজে আলোচনা কৰি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰত্যেক গৰাকী ব্যক্তিয়ে ৰাইজৰ অনুশাসন মানি নচলিলে শাস্তি হিচাপে প্ৰায় তিনি- চাৰি কেজিৰ ৰঙা কুকুৰা, একলহ আপং, তামোল-পাণ আৰু দক্ষিণা হিচাপে কিছু টকা জৰিমনা হিচাপে বিহা হৈছিল। একপ্ৰকাৰ গাওঁখনে আদালত আছিল বুলিব পাৰি। সি যি কি নহওঁক চ'তৰ সংক্ৰান্তি বা অগৰাতি দিনা আবেলি হোৱাৰ লগে-লগে ডেকাবড়া-তিড়িবড়াৰ নিৰ্দেশ মৰ্মে টেকেলাই গাঁৱৰ ডেকা-গাভৰু সকলোকে সন্ধিয়া হোৱাৰ লগে-লগে হুঁচৰি গাবলৈ সাজু হৈ থাকিবলৈ জাননী দিয়ে। গাঁৱৰ ডেকা-গাভৰুসকলে ৰাতিত বিহু মাৰিবলৈ নোযোৱাৰ আগতে পুৱাই নিজ নিজ ঘৰৰ কাম বা পথাৰত শাও ধানৰ বন ছপা কৰা বা ডেকা সকলে বিন্দাটনা কাম আজৰি কৰি ৰাখে। অগৰাতিৰ গধূলি ডেকা-গাভৰু সকলোৱে একত্ৰিত হৈ গাঁৱৰ মুখিয়াল বা ডেকাবড়া -তিড়িবড়াৰ ঘৰৰ পৰা ঢোলা পেলোৱা কাৰ্য আৰম্ভ কৰে। এই দিনা ৰাতি গাঁৱৰ প্ৰত্যেক ঘৰত কমকৈ হুঁচৰি গোৱা হয়। তাকে ঢোলা পেলোৱা বুলি কয়। গাঁৱৰ মুখিয়াল জনৰ ঘৰত যেতিয়া ঢোলা পেলাব তেতিয়া গীতোআয়ে এনেদৰে চিঞৰি চোতালত প্ৰৱেশ কৰে।

      আগত গৰু গোহালি, পাছত ধান ভঁৰাল সেই ঘৰত খাবলৈ পিবলৈ আছে নে, আছে..


য়ৗয়..য়ৗয়..য়ৗয়.. বুলি ডেকা -গাভৰু সকলে গোৱাৰ লগে-লগে ঢুলীয়াই ঢোল বজোৱা আৰম্ভ কৰে আৰু গীতোআয়ে হুঁচৰি পদ গাবলৈ আৰম্ভ কৰে। যিহেতু বিহুক উৎসৱ হিচাপে পালন কৰে যদিও ইয়াত আধ্যাত্মিক বিষয় জড়িত থাকে। গতিকে ঢোলা পেলোৱা দিনা বলি ৰাজাক আমন্ত্ৰণ কৰি গীতোআয়ে এনেদৰে গায় -

   আয় ৰে ৰে ৰে বোপায়ান্ত,  ধেমালিৰ বতৰে আয় ৰে ৰে 

   এনেদৰে গীতোআয়ে প্ৰথমফাকি পদ আৰম্ভ কৰাৰ লগে-লগে গাভৰু সকলে হাতত ধৰা ধৰি কৰি চক্ৰাকাৰে এক বিশেষ ভংগীমাত আগলৈ দুখোজ পিছলৈ দুখোজ পদচালনা কৰি গীতোআয়ে গোৱা পদফাকি উচ্চস্বৰে গাই ইজনীৰ হাতত সিজনীয়ে ধৰি হাত দুখন হেন্দোলাই আগবাঢ়ি গৈ থাকে। ইয়াৰ পিছত ঢোলা পেলোৱা দিনা হুঁচৰি সমূহ কমকৈ গোৱা হয়, কাৰণ গাঁৱৰ প্ৰতিঘৰ চোতালত ঢোলা পেলাব লাগে। আততোলাৰ ঘৰত হুঁচৰি গালে এনেদৰে গোৱা হয় - 

      গাং গাঙয় গনাৰ আততোলাৰ চোতালত গাং

     নাইবা ডেকাবড়া -তিড়িবড়া,মহাজন বা মাষ্টৰৰ ঘৰত গালে এনেদৰে গোৱা হয় - 

  গাং গাঙয় ঐ গনাৰ ডেকাবড়াৰ  চোতালত গাং 

      বা

গাং গাঙয় ঐ গনাৰ মহাজনৰ   চোতালত গাং

     বা

গাং গাঙয় ঐ গনাৰ মাষ্টৰৰ   চোতালত গাং

     যদিহে ঘৰত কোনো চাকৰি বা তেনে পদ নাথাকে তেন্তে এনেদৰে গোৱা হয় -

    গাং গাঙয় ঐ চৌতিয়াৰ   চোতালত গাং

  ঠাই বিশেষে এই পদটোকে এনেদৰে গোৱা শুনা যায় -

    ৰাচতি ঐ গাং গাং ঐ 

    মাষ্টৰৰ ঘৰতে গাং

     এনেদৰে প্ৰত্যেক ঘৰ মানুহৰ চোতালত হুঁচৰি গোৱাৰ সময়ত এটা সন্মানজনক সম্বোধনেৰে সম্বোধন কৰি হুঁচৰি গোৱা হয়। ইয়াৰ পিছত এফাকি ঐনিতম গাই বেলেগ এখন ঘৰত ঢোলা পেলায় আৰু একেদিনাই গাঁৱৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ প্ৰত্যেক ঘৰত কমকৈ হুঁচৰি গাই ঢোলা পেলোৱা কাৰ্য সমাপ্ত কৰে। পিছদিনা মানুহ বিহুৰ দিনাখনৰ পৰা বিহু গোৱা আৰম্ভ হয়। ৰাতি কোনেও বিহুৰ হুঁচৰিত অনুপস্থিত হ'ব নোৱাৰে। বিশেষ কিবা অসুবিধা থাকিলে বা স্বাস্থ্য জনীত কাৰণত উপস্থিত থাকিব নোৱাৰিলে ডেকাবড়া -তিড়িবড়াৰক অৱগত কৰি তামোল পাণৰ টোপোলা আগবঢ়ায় সমস্যাৰ বিষয়ে অৱগত কৰিব লাগে। নহ’লে ৰাইজৰ সিদ্ধান্ত অনুসৰি যিগৰাকী নাচনীয়ে বিনা কাৰণত অনুপস্থিত থাকে তেওঁৰ বিৰুদ্ধে সমাজে আলোচনা কৰি জৰিমনা বিহা ব্যৱস্থা কৰে। কঠোৰ ভাৱে গাওঁখনৰ কিছু বিষয় পৰিচালনা কৰা হয়। পিছে আজিকালি এনেবোৰ নিয়ম প্ৰায়েই নোহোৱাৰ দৰে। কিছু ক্ষেত্ৰত চেদেলি ভেদেলি হোৱা দেখা যায়। যাৰ বাবে আজিৰ দিনত কোনো সিদ্ধান্ত লবলৈ হ’লে বহু তৰ্ক বিতৰ্কৰ সৃষ্টি হয়।

       মানুহ বিহুৰ দিনা ৰাইজৰ সিদ্ধান্ত অনুসৰি জনবহুল থকা ডাঙৰ গাওঁ হ'লে আবেলি ৩ বজাৰ পৰা বা কম থকা গাঁৱত সন্ধিয়াৰ লগে লগে বিহু মৰা আৰম্ভ হয়। প্ৰত্যেক দিনা টেকেলাই প্ৰতিগৰাকী ছোৱালী আৰু ডেকাসকলক ডেকা টেকেলাই ঘৰে ঘৰে গৈ মাতি আনি একত্ৰিত কৰিব লাগে। বিহু গোৱা দিন কেইটা সম্পূৰ্ণ ৰাইজৰ ডেকাবড়া-তিড়িবড়াৰৰ দায়িত্বত থাকে ডেকা-গাভৰু সকল। বিশেষকৈ ঘৰৰ মুৰব্বীজনৰ পৰা ছোৱালীক মাতি আনি হুঁচৰি গোৱাই ৰাতি ঘৰত ছমজাই দিয়া পৰ্যন্ত ৰাইজৰ সম্পূৰ্ণ দায়িত্বত থাকে। ৰাতি গীতোআয় গৰাকী ছাতি আৰু লেম্প এটা লগত লৈ আহে। লেম্পৰ কেৰাছিনৰ খৰছ ৰাইজৰ টকাৰে ডেকাবড়াই বহন কৰে। যেতিয়া ৰাতি বিহু হুঁচৰি গোৱা হয় তেতিয়া ঢোলা পেলোৱা দিনাৰ দৰে গীতোআয়ে আগত গৰু গোহালি পাছত ধান ভঁৰাল.... বুলি চিঞৰি চোতালত প্ৰৱেশ কৰে আৰু ডেকা -গাভৰু সকলো তাত সহযোগ কৰে। গীতোআয়ে প্ৰথমফাকি পদ আৰম্ভ কৰাৰ লগে-লগে ডেকা -গাভৰু সকলে হাতত ধৰা ধৰি কৰি চক্ৰাকাৰে ঘূৰি হুঁচৰি গোৱা আৰম্ভ কৰে। ডেকা ল'ৰাই গাভৰু ছোৱালীৰ মাজত সোমাই দুখন হাতত ধৰা ধৰি কৰি একে ধৰণে পদ সঞ্চালন কৰি হুঁচৰি পদ গাই চক্ৰাকাৰে ঘূৰে। মিচিং আৰু অসমীয়া ভাষাত মিশ্ৰিত হুঁচৰি গীতোআয়ে হুঁচৰি চক্ৰৰ মাজত  মেলা ছাতি আৰু লেম্প এটা লৈ এনেদৰে হুঁচৰি গাই -

১) ওপৰে বৰষুণ তলে বোকাপানী

 ধেমালিৰ বতৰে আয় ৰে ৰে 

২) চৰি ঐ চৰ চ’ৰা মনোবায় হে হেয় ।

৩) লাউ ফুলা , লফা ফুল 

  জেঠতে ফুলিলে চম্পা ফুলা 

৫) উৰে উৰেপায় ধনত কাপোৰ উৰে।

৬) বাতিত আছে গৈ থানৰে দেবিহাল 

ধেমালিৰ বতৰে আয় ৰে 

৭) দেউতাৰ পদূলিত, গোন্ধাইছে মাদুৰি

 কেতিকী মলে মলা ঐ গোবিন্দই ৰাম

৮) লফুল বাই পিন্ধোতা নাই 

চিয়া নাহৰ ও কলিয় বয়

৯) কৰদম কণাৰি কৰদম বাবৰী 

কৰদম কণাৰি ও

১০) গনাই গ’ল ফুলে পাৰিবলৈ 

হাততে লাকুতি লৈ

১১) বাপুৰাম বালিতে অই ৰাম

পকাকৈ মাদুৰি অই ৰাম 

ছুকুৰি বাটৰে আই...

গোপাল গোবিন্দই ৰাম

১২) উৰে উৰেপায় ধনত কাপোৰ উৰে 

গায়নু বতৰৰ গীত 

পৰি পৰি নমস্কাৰ কৰো

ৰাচতি ঐ ধন পৰাল

অয়েকী য়াকয়া ঐ

১৩) কলমৌ খাওঁতে বুঢ়া ঐ হনুমান 

নগৰখন কৰিলে ছাই ঐ 

গোবিন্দই ৰাম

১৪) চৰাই চৰাই ঐ চৰাই চিকুনা

আই চৰাই নায়ে এ 

১৫) ৰামে গল মৃগ মাৰিবলৈ 

  হাততে ধেনুকাঁড় লৈ।

     আকৌ আন এঠাইত সম্পূৰ্ণ মিচিং ভাষাত এনেদৰে গোৱা হয় -

   কঃ অৗলাং কিন্নৗ, মৃমবৃৰৗলাং য়াঃমেয়ৗ,

  বিদেশী গাছৰৗম গৗয়কা গোবিন্দই ৰাম

        এনেদৰে গীতোআয়ে হুঁচৰি চক্ৰৰ মাজত থাকি হুঁচৰি গাই আৰু পিছে পিছে ডেকা -গাভৰু সকলেও গীতোআয়ে গোৱা পদফাকি উচ্চস্বৰে গাই আৰু ঢুলীয়া-তালিয়াসকলৰ ঢোল- তালৰ শব্দত ৰজনজনাই উঠে হুঁচৰি স্থলী। বিহুত মতলীয়া হৈ পৰে ডেকা -গাভৰু সকল। হুঁচৰি গাই শেষ কৰাৰ পিছত নামন্তিৰ অনুৰোধক্ৰমে যিকোনো এজনী ছোৱালীয়ে ল'ৰালৈ নিক্ষেপ কৰি ঐনিতম জুৰে এনেদৰে -

     নক্কৗ গৗনাম গালুগদৗম নক্কৗ নৗমপৗ মৗঃচুয়ক

  নম্মৗ বৗৰৰা কাঃয়ৗমৃ নম্মৗ মৗঃদাগ অৗমনা অৗমচুয়ক

  ল’ৰাই আকৌ ছোৱালীৰ প্ৰশ্নৰ উত্তৰত এনেদৰে ঐনিতম জুৰে-

   ঙক্কৗ গৗনাম গালুগ চৗ ঙক্কৗ অৗমনা মৗঃচুমাং

   নম্মৗ বৗৰৰা কাঃয়ৗমৃল নম্মৗ মৗঃদাগ অৗমনা মৗঃচুয়ক

   ঙক্কৗ মৗঃনাম আঙুৰুঃপৗ দুং....

     এনেকৈ কিছু সময় ডেকা-গাভৰুৰ মাজত ঐনিতমৰ জড়িয়তে জোকোৱা গীত গোৱাৰ পিছত গৃহস্থই পলমকৈ শৰাই আগবঢ়ালে ডেকা-গাভৰু মিলি এনেদৰে ঐনিতম গাই - 

   বিয়ৗম বিয়ৗ অৗমতবং

   বিমাঃম বিমাং অৗমতবং

   বিপৗনাম্মই মুৰকঃদৗম

   লমনা বিলেনগৰতবং

       যেতিয়া গৃহস্থই ৰাইজলৈ শৰাই আগবঢ়াই সেৱা জনাব তেতিয়া ডেকা -গাভৰু সকলৰ বাবে গৃহস্থই আগবঢ়োৱা দক্ষিণা মনপুত নহ’লে দৰ-দাম কৰি ঐনিতম এনেদৰে গোৱা হয় -

   পৗতু পইচাত অকলান 

  পেৰেদ পইচাত অকলান 

   আলৈ কানৗ পেৰাদক

   মাতাকাততালা লাঃলেন তব 

   ৩০০শ‌ ঙ দৗঃপৗঃমায়ে

আবৰঃক বিছেদ মৗল ৪০০শ ঙ কঃ ইয়েবং 

 ৪০০শ ঙ দৗম বিমৃল তৰৃগচুলা লাপৗবং

     এনেকৈ ঐনিতম গোৱাৰ পিছত গৃহস্থই কিছু টকা আকৌ আগবঢ়ায় আৰু বিহুৱা ৰাইজেও গৃহস্থৰ মংগলৰ বাবে আশীৰ্বাদ দি অন্য এখন ঘৰত বিহু গাবলৈ গুচি যায়। ৰাতি যিমান পাৰে বিহু গাই অৱশেষত সামৰি পিছদিনা আকৌ যোৱা ৰাতি আধৰুৱা হৈ থকা একেখিনি ঠাইডোখৰৰ পৰা বিহু গোৱা আৰম্ভ হয় আৰু এনেকৈয়ে ২০-২৫ দিন ধৰি গাঁৱৰ বিহু শেষ কৰে। কিছু দিনৰ পিছত ডেকা -গাভৰু সকলো মিলি প্ৰত্যেক ঘৰৰ পৰা চাউল সংগ্ৰহ কৰি আপং প্ৰস্তুত কৰে আৰু সময় সুবিধা চাই কোনোবা এটা দিনত সমুহীয়াভাৱে বিহু গোৱা পুঁজিৰে ভোজ ভাতৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পিছত যিদিনা ভোজ ভাত খোৱা হয় এই দিনা ৰাতি নদীলৈ উৰুৱাই দিয়া পৰ্ব কৰা হয়। উৰুৱাই বা উৰায় দিয়া সময়ত দুগৰাকী ছোৱালীক পৱিত্ৰ বগা সাজ পৰিধান কৰিবলৈ দিয়া হয়। উৰায় দিয়া পৰ্বৰ বাবে গাঁৱৰ আততোলাগৰাকী কাৰ্যৰ বাবে ৩ খিলা আগলি কলপাত ৯ টা চাকি ৯ টকা দক্ষিণা আৰু ৯ টা তামোল পাণৰ টুৰিয়া বান্ধি  কাঁহৰ কাঁহী এটাত বিশেষ শৈলীৰে সজোৱা হয়। চাংঘৰৰ ওপৰত চাকি সমুহ সাজু কৰি থাকোতে চোতালত বাকী ডেকা -গাভৰু সকলে হুঁচৰি গাই এনেদৰে -

 ১) পাদৈ পচলা, মাদৈ ফুল এমলা 

মালিনী ঐ খৰকৈ যতন কৰা 

   ২) যায় ৰে ৰে বোপায়ান্ত, ধেমালিৰ বতৰে 

যায় ৰে ৰে -

৩) ওপৰে বৰষুণ তলে বোকাপানী 

ধেমালিৰ বতৰে আয় ৰে ৰে…. ইত্যাদি পদ সমুহৰ লগতে বিহুত গোৱা সকলো হুঁচৰি গাই শেষ কৰা সময়ত আততোলাৰ তত্বাৱধানত দুগৰাকী ছোৱালীয়ে চাকি জ্বলায় চাংঘৰৰ ওপৰৰ পৰা চোতালত অহাৰ পাছত ঢোল-তাল এৰি দুডাল বাঁহৰ টুকুৰা লৈ এই বাঁহেৰে লাহে লাহেকৈ বজাই গোৱা হয় এনেদৰে -

     উৰুৱাই লৈ ধনশিৰি চাই

      আমাৰ বিহু নহয় ঐ 

      বলি ৰাজাৰ বিহু ঐ 

      বাতি লৈ ভটিয়াই যোৱা 

      সেই পদটিক গাই পাঁচ বাৰকৈ চোতালত ঘুৰি নদী অভিমুখে গাই গাই যোৱা হয়। দুগৰাকী ছোৱালীৰ মূৰত চাকিৰ কাঁহীখন লৈ যোৱা ক্ষয়। নদীলৈ পোৱাৰ পিছত চাকি সমূহ নমাই নদীৰ পাৰত সজোৱা হয় আৰু আততোলাই গাঁৱৰ অপায় অমংগল দূৰ কৰি শ্ৰী বৃদ্ধিৰ কামনা কৰি আশীৰ্বাদ দিয়ে আৰু ডেকা-গাভৰু সকলোৱে সেৱা জনায় লগে লগে এই ঠাইডোখৰ ত্যাগ কৰি ঘৰমুৱা হয়। পৰম্পৰা অনুসৰি কোনো ব্যক্তিয়ে পিছলৈ ঘুৰি চাব নাপায়। কাৰণ পিছলৈ ঘুৰি চালে গাঁৱত অপায় অমংগলে দেখা দিয়ে বুলি জনশ্ৰুতিত বিশ্বাস আছে। ইয়াৰোপৰি যিদিনাখনৰ পৰা উৰায় দিয়া পৰ্ব সমাপন কৰে এই দিন ধৰি শাওধান চপোৱা আগলৈকে ঢোল বজোৱা নিষিদ্ধ থাকে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages