লৃগাং
মঞ্জুমালা চাৰ
বোকাখাত
ফাগুন মানে
লৃগাঙৰ ৰং
বুকুৰ গভীৰত
উকমুকাই থকা
আনন্দ বিষাদবোৰ
অভাৱ অভিমানবোৰ
লৃগাঙৰ সুৰ এটি হৈ
বৈ আহে
বৈ যায়
হৃদয়ৰ পৰা হৃদয় লৈ
ইগাঁৱৰ পৰা সিগাঁৱলৈ
তই আহিলে
আমি হৈ পৰোঁ প্ৰেমিক
দূৰন্ত প্ৰেমিক
কুঁহিপাতৰ
সৰাপাতৰ
ধূলিয়ৰি বাটৰ
চহাই থোৱা
শুকান পথাৰত
বৈ পৰে ফাগুন
লৃগাঙক ভাল পোৱা
ৰঙীন হৃদয়বোৰত
তোক লৈ আজিকালি
কত যে টনা আজোৰা
কত যে মেৰ পাক
হাজাৰ বাধা নেওচি
তই তোৰ নিভাঁজ সুৰেৰে
অই নিঃতম হৈ আহিবি
গুমৰাগ হৈ আহিবি।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment