প্ৰেম মোৰ বাবে বজাৰ
বিলিয়ম দলে
জোনাই গালী
প্ৰেম মোৰ বাবে এটা বজাৰ
য'ত মৰমবোৰক কিনা বেচা কৰে
আজি মোৰ বাবে ভাল পোৱাবোৰো
এটা বজাৰ হৈ পৰিছে মৰমবোৰো।
য'ত টকাৰে কিনিব লগা হৈছে
জীৱনৰ কিছুমান সুখবোৰক।
জীৱনটো এটা বজাৰ হৈ পৰিছে।
প্ৰেম মোৰ বাবে বজাৰ।
আজি মই প্ৰেমৰ
বজাৰত উজান মাছ
আজি কোনোবা
ধুনীয়া এজনৰ লগত
কালি কোনোবা
ধনী এজনৰ লগত
কেতিয়াবা আকৌ
যাৰে তাৰে লগত প্ৰেম মোৰ।
প্ৰেম মোৰ বাবে
এটা বিশাল বজাৰ।
জীৱনটোলৈ প্ৰেম হৈ আহিছে
দুদিনৰ সুখৰ বাবে
প্ৰেম নামৰ জীৱনৰ পৰা
বিদায় লৈছে চিৰদিনৰ বাবে।
এদিন আপোন মানুহ হৈও
আজি আমিবোৰে অচিনাকী
কাষত লগ পালেও নাই
কাৰোৰ ওচৰত মাত এষাৰ
প্ৰেম মোৰ বাবে ট্ৰেণ্ডছ (Trends) বজাৰ
য’ত সকলোৱে নিজৰ নিজৰ
পছন্দৰ কাপোৰ কিনি লৈ যায়।
প্ৰেম মোৰ বাবে বজাৰ।
আজি সময়ত প্ৰেমৰ নামত বজাৰ
মৰমৰ নামত কেৱল কিনা বেচা
ভাল পোৱাৰ নামত অন্ধ ৰাস্তাত
তুমি নিজৰ জীৱন
শেষ কৰিছাঁ প্ৰেমৰ নামত।
প্ৰেম মোৰ বজাৰ হ’ল আজি
প্ৰেম মোৰ বাবে বজাৰ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment