আকৌ ফাগুন
প্ৰিয়ংকা পেগু
শিমলুবুলীয়া দীঘলীয়া বাটেৰে
ৰিঃবি এখন মেৰিয়াই
আকৌ আহিল ফাগুন।
নিঃতম সুৰীয়া পচোৱাজাকে
লঠঙা বিৰিখক দিলেহি
ন-সাজে সজোৱাৰ প্ৰতিজ্ঞা।
গুমৰাগৰ হৃদয় কপোৱা ধ্বনিয়ে জগালেহি
নিদ্ৰাত মগন বসুধা।
আপঙেৰে সিক্ত নিশা
লঃলে নৃত্যৰ পৰশ লাগি
গৰ্ভস্থ হৈছিল ঋতুৰাণী।
বসুমতীৰ বুকু ভেদি
লালিত হৈছিল কেদাং-কম্বং,
গুনি-আমলি আৰু…..।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment