নৱ বৰ্ষ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

নৱ বৰ্ষ

 

নৱ বৰ্ষ


                অৱনী মিলি


চলন্ত বছৰৰ শেষ নিশা 

নৱ বৰ্ষ আকৌ আহিব,

হয়তো বহু কৰা কাম

আধা কৰা হ’ব।


এই বছৰটোই  বিদায়  ল’ব

অনাগত ভবিষ্যতৰ প্ৰতীক্ষাত।


পুৰণা বছৰৰ বিৰহ কণ্ঠত

বাজি উঠিব বিদায়ৰ 

নিচুকনি সুৰ।


পুৰণা বছৰটোৰ অন্তিম ৰাতিও

এৰাতি শেষ হৈ যাব

আহিব নৱ বৰ্ষৰ আহবান।


নানা আশাৰ সাঁকোৱেদি

মনৰ জেঠীয়ে ৱগাই

মাতিব অমাতৰ মাত,

নৱ বৰ্ষৰ নতুন বিহুগীত এটাই

হাঁহি মাৰি সৰাইছে মোৰ

মন চোতালৰ নিম পাত।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages