তই, তোৰ বাবেই জীয়াই থাকিব লাগিব
হাচনা মিপুন
অই, ক্লান্ত মনৰ মানুহ
তই নিজকে এবাৰ সুধ
সকলোৰে মুখত হাঁহি বিৰিঙাই
তই নিজে কেতিয়া হাঁহিছিলি?
আনৰ সপোনৰ বুজা লৈ
তই নিজে নিজৰ সপোন ভাঙি নিদিবি
তই কাৰোঁ ছা নহয়
তই নিজেই আকাশ হ !
অই, ক্লান্ত মনৰ মানুহ
দিন গ’ল দায়িত্বত,
এতিয়া ৰাতিৰ আন্ধাৰত
তই নিজকে এবাৰ সুধ
তই আছ কেনেকৈ ?
অন্য যেতিয়া এৰি যাব
তই নিজে হে নিজৰ কাষত থাকিবি !
সেয়েহে নিজেহে নিজৰ সাহক হ
নিজৰ নামটো সাৱধানে ধৰ।
অই, ক্লান্ত মনৰ মানুহ
ভাঙি পৰিলেও উঠিবি
হেৰাই গলেও লবি বিচাৰি নিজক
কাৰণ !
এই জগতৰ তই তোৰ একমাত্ৰ কাহিনী। আনৰ কাৰণে নহয়
থাকিব লাগিব তই তোৰ কাৰণে।
কাৰোবাৰ প্ৰশংসাৰ বাবে নহয়
থাকিব লাগিব তোৰ নিজৰ অস্তিত্বৰ বাবে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment