মামৰে ধৰা চাবিপাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

মামৰে ধৰা চাবিপাট


 মামৰে ধৰা চাবিপাট


                                     বিজুলতা পায়েং

                                            গোগামুখ


ঘৰৰ ঘাইখুটাত

 আজিও ওলমি আছে 

একেথৰে সততাৰ চাবিপাট।

অতীতক যেন পাহৰি পেলাইছে

পৰিবৰ্তনৰ ঢাকঢমকীয়াত

চাবিপাটত মামৰে ধৰিছে।

আজিৰ স্বাৰ্থলোভী লোকৰ মাজত

 শোষিত নিস্পেষিত হৈ 

মৌনতাই একমাত্ৰ সুগম পথ।

এচাম লোকক ঠগ,প্ৰৱঞ্চনা ,প্ৰলোভন কৰি 

মধ্যবিত্ত লোকক শোষণ কৰিছে

সত্যৰ পথক বাচি ললে যেন 

 সন্মুখত মৰণৰ ফান্দ পাতে।

ক'ব খুজিও থমকি ৰৈ যায়

পুৰণি গুদামৰ মামৰে ধৰা চাবিপাট

আধুনিকতাই গ্ৰাস কৰিছে 

সকলোতে কেৱল লুন্ঠনৰাজ।

সততাৰ চাবিপাটত মামৰে আগুৰি ধৰিছে

নিৰীহ লোকে  জীয়াতু জীৱন ভুগিছে

ক'তো যেন শান্তি নাই !

ৰাজপথত মুক্তমনে চলে হত্যা,ধৰ্ষনৰাজ

নাই কাৰো প্ৰতি ভয়

নাই কোনো শাস্তিৰ বিধান

সকলোতে কেৱল মুক্তৰাজ।

সততাৰ চাবিপাটত

আজি সঁচাই মামৰে আগুৰি ধৰিছে।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages