চৰাই মলৰ অৰণ্য
টম মেদক
জুই একুৰা খুজিবলৈ
ইখন ঘৰ সিখন ঘৰ
জখলা বগাই থাকোঁতে
হঠাৎ, বাদুলিৰ চকু পোহৰাই,
সন্ধ্যা নামিল
আৰু গঞা ৰাইজে তত্কেই ধৰিব নোৱাৰিলে
বর্তমান অবিশ্বাসযোগ্য,
গাওঁখনত দোকান এখনো নথকা
জুইশলাৰ দেওবৰীয়া হাট
সাত আঠ মাইল দূৰৈত
খেৰ মেৰিয়াই দীঘলকৈ
একুৰা জুই বান্ধি থোৱা ৰীতিও অথলে গ’ল
সিদিনা আবেলিতে গাঁওবাসীৰ খেৰৰ জুই
ফুটছাই হ’ল
চৰাই মলৰ অৰণ্য
অন্ধকাৰে ডুবাই ৰাখিছিল
নিলিখা ইতিহাসৰ
এখনি জীয়া গাঁও
আজিৰ এনে এটা দিনৰ ৰাতি
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment