আমি নাৱৰীয়া
আব্দুৰ ৰহমান প্ৰামাণিক
কুর্শাকাটি, কোকৰাঝাৰ
শুনা ভাই নাৱৰীয়া, নিদ্ৰাত লালকাল নেকি?
কোনো কাণসাৰ নাই, সৰ্বত্ৰ অন্ধকাৰ দেখি!
মাথো তোমাৰ যাত্ৰাৰ আৰম্ভণি,
মনৰ মাজত কিয় ভয়ৰ খনি,
কেৱল পানীত উঠিল তৰী,
বেলি মাৰ গৈ নিশা নামিল
আকাশত চন্দ্ৰমাৰ আগমন ঘটিল
বহু দূৰ আমাৰ দিব লাগিব পাৰি।
চলাথ কৰিলে পুৱাৰ কিৰণ
কিমান সফল হল দীঘল ভ্ৰমণ
আছে বহু সময় বাকী,
হতাশা অভিমান উভালি পেলাই
যাম আগবাঢ়ি খোজে খোজ মিলাই
মনোমালিন্য দূৰৈত ৰাখি।
অপ্ৰমিত ঢৌৰ লগত যুঁজ দিবলৈ
ঘূৰ্ণীঝৰ, ধুমুহাৰ লগত তাল মিলাবলৈ
আমিও সজাগ থাকি,
অকলশৰীয়া যে আমাৰ অভিযান
বাধা আহি আহি পাহাৰ সমান
উকলিল কত নিশা জাগি।
ক্লান্ত শৰীৰ অবুজ মনৰ কথা
দ্বিগুণ বলেৰে মাৰো বঠা
ঘাম বৈ যায় গাত,
বহু অপেক্ষাৰ অন্ত পেলাই
হয়তো শুনিবা ঠিক তেতিয়াই
পুৱতি নিশাৰ বিহগীৰ মাত।
কাকুতি কৰি পুণৰ কওঁ এবাৰ
হাল এৰিবৰ নাই যে দৰকাৰ
আহিছো সুখৰ নীৰে,
অশ্ৰু মচি পাল তুলি দি
সফলতাৰ শ্ৰেষ্ঠ মুকুট পিন্ধি
দেখা আহিল সাগৰ তীৰে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment