ফাগুনৰ পৰশত বসন্ত নামে
খুকুমণি মুদৈ দাস
বসন্ত নামে বন বিৰিখে
উৎসৱৰ মেলা পাতে
ফাগুনে ফাগুনে অংকুৰিত
হয় ধৰণী,
চ’তেও বৰণ সলাই
কুঁহিপাতৰ আগজাননী
বসন্তই সঁজাই প্ৰকৃতি
সেউজীয়াৰ কোমল সাজে
মেৰিয়াই প্ৰকৃতি মালাৰ
ভৰুন দেহ।
অলংকৃত কৰে নাহৰ, তগৰ
কপৌফুলৰ সুশোভিত মালাই
কি নাম দি মাতিম তোমাক
বসন্ত ?
তুমি যে প্ৰকৃতিৰ অতুলনীয়
বৰদান।
বাৰ মাহৰ তুমি তুলনাবিহীন
ৰঙে-ৰূপে হৈ পৰা
অপৰূপা,
ফাগুনৰ লঠঙা ডালে-পাতে
সানি দিয়া ৰহন
কুমলীয়া সেউজীয়াৰ
ভৰাই তোলা প্ৰকৃতিৰ
সমগ্ৰ সত্বা।
সেয়েহে ক’ব পাৰি
ফাগুনৰ পৰশত
নামি আহে ধৰালৈ বসন্ত
বসন্তৰ গানত মতলীয়া হৈ
পৰে ধুনীয়া ধৰণী,
মনৰ পৰিধি শুৱনি কৰি।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment