ফাগুনৰ পৰশত বসন্ত নামে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

ফাগুনৰ পৰশত বসন্ত নামে

 

ফাগুনৰ পৰশত বসন্ত নামে 


                                                 খুকুমণি মুদৈ দাস


বসন্ত নামে বন বিৰিখে 

উৎসৱৰ মেলা পাতে 

ফাগুনে ফাগুনে অংকুৰিত 

হয় ধৰণী, 

চ’তেও বৰণ সলাই 

কুঁহিপাতৰ আগজাননী 

বসন্তই সঁজাই প্ৰকৃতি 

সেউজীয়াৰ কোমল সাজে 

মেৰিয়াই প্ৰকৃতি মালাৰ 

ভৰুন দেহ।

অলংকৃত কৰে নাহৰ, তগৰ 

কপৌফুলৰ  সুশোভিত মালাই 

কি নাম দি মাতিম তোমাক 

বসন্ত ? 

তুমি যে  প্ৰকৃতিৰ অতুলনীয় 

বৰদান।

বাৰ মাহৰ তুমি তুলনাবিহীন 

ৰঙে-ৰূপে হৈ পৰা 

অপৰূপা, 

ফাগুনৰ লঠঙা ডালে-পাতে

 সানি দিয়া ৰহন 

কুমলীয়া সেউজীয়াৰ 

ভৰাই তোলা প্ৰকৃতিৰ 

সমগ্ৰ সত্বা।

সেয়েহে ক’ব পাৰি 

ফাগুনৰ পৰশত

নামি আহে ধৰালৈ বসন্ত 

বসন্তৰ গানত মতলীয়া হৈ 

পৰে ধুনীয়া ধৰণী, 

মনৰ পৰিধি শুৱনি কৰি।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages