ফাগুন কেনেকৈ আহে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

ফাগুন কেনেকৈ আহে

 

ফাগুন কেনেকৈ আহে ?


                                            হৰেন কপ্তাক


ফাগুন কেনেকৈ আহে?

মলয়াই ক’লে-

সৰাপাতত উঠি


ফাগুন কেনেকৈ আহে ?

কাঠ শালিকাই কাণে কাণে ক’লে-

শিমলু ফুলৰ আঁৰত লুকাই


ফাগুন কেনেকৈ আহে?

ৰিবি গাচেঙে ক’লে-

কঃনৗঙৰ তাঁতৰ শালত

লৃগাং বুলীয়া নাচনীজনী হৈ


ফাগুন কেনেকৈ আহে?

মুৰংঘৰে ক’লে-

আবেলিৰ ধূলিয়ৰি বাট গচকি

গুমৰাগৰ সুৰ এটি হৈ


ফাগুন কেনেকৈ আহে?

হাবিয়নীৰ তৰাপাতে ক’লে-

টোপোলা বন্ধা পুৰাঙ আপিনৰ

আমোলমোল গোন্ধ এটি হৈ


ফাগুন কেনেকৈ আহে?

মেগেলা বনে মাত দিলে

মিচিং গাঁৱৰ ঘৰে-চোতালে

গুমৰাগৰ ৰহন সনা

য়াবান, কাবান অই-নিঃতম এফাকি হৈ


ফাগুন কেনেকৈ আহে?

গাঁৱৰ দুম্ব গাঃমে ক’লে-

পঃৰ নগিনৰ নিচাৰ ৰাগিত

ইমূৰ-সিমূৰ লঃলে নিঃতমৰ মূৰ্ছনা তুলি


ফাগুন কেনেকৈ আহে?

কঃনৗংজনীয়ে ফুচ ফুচাই ক’লে-

মূৰত টঙানী মাৰি

ক’লা বৰণীয়া মিবু গালুগ পৰিহিত

বৰ ডেকাটি হৈ


মুঠৰ ওপৰত ফাগুন আহে

লৃগাঙৰ বুকুচাত উঠি


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages