থুপিতৰা
মেঘালী গগৈ
(১)
হাঁহিটো বাঁহী কৰি ওঁঠত গুজি দিলো
ফুঁ দিবা
বাজি উঠিব।
(২)
ভাললগাবোৰত কিয়নো লাগে
শেষৰ আঁচোৰ!
তুমি মোক তাৰ উত্তৰ দিব নোৱাৰিলা !
(৩)
আঘোণৰ কুঁৱলীত কোনোবা
চিৰদিনলৈ হেৰাই যায়
শূন্যতাৰ ভায়’লিনৰ ৰেপনিত
এযুৰি ওঁঠে উচুপি উঠে।
(৪)
হৃদয়ৰ কথা শুনা মানুহবোৰৰ বুকুত
বিষন্নতাই একোটা মাজুলী সাজে।
হৃদয়ৰ পৰা হৃদয়লৈ
সাঁকো কোনে সাজিব
(৫)
ডোবাটোৰ বুকুত
জোনটো যেন ককবকাই থাকে
ঢৌচিৰা দিয়া বুকু এখনে
জোনটোৰ দুখত
ছটফটাই থাকে।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment