শিমলু ফুলিলে তোলৈ বৰকৈ মনত পৰে ঐচেং
অমল দাৱ
বোকাখাত
শিমলু ফুলিলে তোলৈ বৰকৈ মনত পৰে ঐচেং
পচোৱাই ধুলিবোৰ উৰুৱাই আনিলে তোলৈ বৰকৈ মনত পৰে ঐচেং
আহুতলিৰ চপৰা খুন্দুতে
কুকুহা উৰিলে
তোলৈ বৰকৈ মনত পৰে ঐচেং
ঐচেং ঐচেং ঐচেং ঐ
গিনমূৰপল আদুবং ডুমডুমলুপি বেদুবং
আজি আকাশে বতাহে ঢোলৰ গুমগুমনি
আমৰাগ গুমৰাগ ঢোলৰ চেও বৰকৈ বাজিছে
পেম্পাঁৰ সুৰটি টা ৰি ৰি টা ৰি ৰি টিহিটি
ৰঙা নীলা ফখিলা বোৰ সাউতকৈ ক"ৰ পৰা ওলালহি ঐ জাকে জাকে ইমানবোৰ পখিলা
চকুৰে নমনালৈকে ঐচেং
যলৈকে যাঁও
যেনিয়েই চাঁও ঐচেংঐচেং
তই মোৰ লৃগাং
মই তোৰ চমান
ফাগুন আমাৰ নিতম ঐ ঐচেং
শিমলু ফুলবোৰ পলাশৰ ৰঙাবোৰ
মেগেলাৰ চিৰিলি পাত
ঐ ঐচেং
তই গুটুঙৰ নে ধনশিৰিৰ নাম টেমেৰাৰ নে গুলুং টেমেৰাৰ বঙাল মৰাৰ নে পহুঁমৰাৰ নে ঢকোখানাৰ
সোৱনশিৰি মানমৰা বংকোৱালৰ চকুলু নাছিলিনে তই !
হলেও
গিনমূৰপল গিনমূৰপল
মোৰ কলিজা
মোৰ ঐচেং
চিৰদিন চিৰ কাল

No comments:
Post a Comment