অকালত বান
জৱাহৰলাল মিলি
গহপুৰ
তুমিচোন মাতৃ দুগ্ধ
পৰিহাৰ কৰাৰ সময়হে হোৱা নাই চোন
কিয়নো শৈশৱতে ঋতুৱতী হ’লা ?
মাতৃ হোৱা সপোন অকালতে
বাট ল’লা যে
শৈশৱত যিমান মধুৰ সপোন আহে
যৌৱনত আহে বাসনা
তুমিটো নুবুজিলা কল্পনাতীত বাস্তৱ প্ৰতিবিম্বৰ প্ৰতিছবি
নাআঁকিলা ৰং বিৰঙৰ পখিলা
অগভীৰ সাগৰৰ তলিত মৰণ পণৰ যাত্ৰাত পথভ্ৰষ্ট পথিকৰ দৰে
মতিভ্ৰষ্ট ঘোঁৰাৰ পিঠিত উঠি
তোমাৰ যাত্ৰা সঠিক নহয়
অধৰ্ম, অগম্য, ব্যভিচাৰী
তোমাৰ পৃষ্টপোষক
তুমিটো নুবুজিলা মাতৃত্ব কিমান যান্ত্ৰনা
অকাল বানত পৃথিৱী কিমান অপৱিত্ৰত ভাৰাক্ৰান্ত
প্লাৱিত বানৰ কবলত প্ৰাণী জগত বন্যাত কোলাহল পৰিৱেশত
ভুক্তভোগী হ’বৰ হেপাঁহত অকাল বানত ডুবি
ইপাৰ সিপাৰত হাবাথূৰি হ’লা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment