অবনৰিৰ পাৰৰ আধৰুৱা অই নিঃতম আৰু ছাই আপং এবাটি
ৰুদ্ৰ সিংহ মটক
অবনৰি অ’
তোৰ ওঁঠৰ অই নিঃতম এফাকি
সেয়া যেন জ্বলি উঠা সুৰৰ সোণ নহয়
মোৰ দ পথাৰত হালি-জালি হাঁহি থকা
সোণোৱালী বাওধান এডৰা
তোৰ লাহি, হেঁপাহৰ হাতেৰে যোৱা ৰাতি
ছাকি থোৱা ৰহৰহীয়া ছাই আপং এবাতি
কাংকান ঐ
হাল-কোৰ সামৰি দূৰৰ পথাৰৰপৰা ঘূৰি অহা
মোৰ দুখ আৰু ভাগৰৰ প্ৰিয় পানীয় সেয়া
হৃদয়তলিত নিগৰি জমা হোৱা যেন যৌৱনৰ
প্ৰেমৰস জীয়া জীৱনৰ দুৰ্লভ এচামুছ মৌ
ছিগা-চিমেন-জলকীয়া সুঁতি
থকবক্ জীয়াঢল সাঁতুৰি পাৰ হৈ
কাংকান মোৰ ঐ ফুলমণি-ডগনে-ডালিমী
লাহতী ঐয়াওহঁতৰ স’তে তই পলাই ঢপলিয়াই
আহ
সেই মুৰ্কং আৰু ৰূপৰ জোনাকৰ চহৰ জোনাইৰপৰা
কঁহুৱা ফুল ফুলি থকা মোৰ এই প্ৰাচীন অবনৰিৰ পাৰলে’
চাচোন চা কাংকান
প্ৰেম-আপঙৰ ৰাগিত ৰৈ-মতলীয়া পকা-থেকেৰা জোনটোৱে
কেনেকৈ হাঁহিছে নাচি থকা কঁহুৱাণিডৰাৰ আঁৰত
কনেং ঐ, তই আকৌ এবাৰ গা অ’
তোৰ উঠা-নমা বুকুৰ ভাঁজত
ৰিঃবি-গাছেং ৰ’দৰ ফুটুকী পখিলা এজাক
প্ৰেম-জোনাকৰ ঢৌ তুলি তুলি
শিলৰ বুকুৰ মণিক জ্বলাই ভৰযৌৱনৰ সেই ধুনীয়া
আই নিঃতমবোৰ
মই ঘুণাসুঁতিৰ প্ৰেমিক ডেকা, পাহোৱাল জংকি
গুমৰাগ নাচি নাচি পাগল হওঁ আকৌ এবাৰ
প্ৰেমৰ বৰবিহ গিলো ডিঙিলৈকে
কাৰ্ছিং-কাটাঙক সাক্ষী কৰি
অবনৰিত জাপ দিওঁ উছৱ-জোনাকৰ এই বিৰহী ৰাতি
শুনিছো উভতনি সোঁতৰ মৃত্যু গৰ্জন,
শিলে-পাহাৰে ঠেকা খাই থকবক্ হেজাৰ চাকনৈয়া;
তথাপি ভয় নাই একো
আশা মোৰ, জানোচা প্ৰাণৰো প্ৰাণৰ
সাতো জনমৰ লগৰী, সাদৰী পানেইক
বিচাৰি পাওঁ
ঠিকনাঃ
অম্বিকাগিৰি নগৰ, হাউছ নং তিনি
ত্ৰিবেণী পথ, গুৱাহাটী, পিন-৭৮১০২৪
ফোন-৭০০২৩০৩৮৮২


No comments:
Post a Comment