হায়েনা পুৰাণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

হায়েনা পুৰাণ

 

হায়েনা পুৰাণ


                         যতীন মিলি


অভাৱনীয় হাৰত বাঢ়িছে

বঙহৰ মঙহ খোৱা অঘোষিত প্ৰতিযোগিতা

আওমৰণে মৰিছে

চমকেৰে চমকিত অযুত প্ৰতিভা


বু বু বা বাৰ শেষ নাই,

হৈ-চৈৰ অন্ত নাই,

বতাহৰ এৱাঁ উশাহত সুঁহুৰিয়াই সুঁহুৰিয়াই ভাহিছে মাথোঁ

গন্ধহীন ফুলৰ প্ৰতিকূল সংগীত...


শ্মশানৰ জুইকুৰা আহি পদূলিমুখত জ্বলিছে,

অনিমন্ত্ৰিত আলহীৰে উবুৰি পৰিছে,

মনৰ চৌকা ভৰাই খৰিকাই খৰিকাই জুতি লৈছে

আধা কেঁচা আধা পোৰা মঙহ।


চীনা জোকৰ দৰে দুখন মুখ,

অখাদ্যৰ খাদ্যৰে সামৰি থয় দুকেৰাহী ভোক।

জাক পাতি লৱৰি আহে,

তিলটোকে তালটো কৰি পিটপিটাই ফুৰে জনাৰণ্যত।


চকুৰ কূটা দাঁতৰ শাল

প্ৰতিভাৰে প্ৰতিভাত বোকাৰ পদুম

সহ্যাতীত নৱোদিত ৰবিৰ উত্থান

ঠাট্টাৰ এন্ধাৰে ঢাকি ভাল পায়

প্ৰতিভাৰে প্ৰতিভাত অযুত পোহৰ


পুৰণি ঘাত লোণ এফেৰা ঢালি

ক'লা মেকুৰীৰ পিঠিত বহে,

ইকাণে সিকাণে কথাৰ পোৱালি জগায় 

হাতত সাৰে ভৰিত সাৰে লুকুৱাই থয়

অচিন বাহত চিনাকী মুখ 


দিন ৰাতি কথা নাই

সমূহৰ সভাত পৰিৱেশন কৰে 

তাচ্ছিল্যৰ কোৰাছ

উদঙাই দিয়ে মেদবহুল কায়াৰ ফোপোলা ছায়া।


অনুচিত কালত

হায়েনাৰ জাক নামি পৰে সমদলত,

আগ্ৰাসী ৰূপেৰে জঁপিয়াই পৰে

আকাশ বতাহ মুখৰিত কৰি শ্ল’গান মাতে–

'তোক মাৰি মই খাম

ঈৰ্ষাৰ চুবুৰীত মোৰে দাম’।


নাভাগৰে– নিতম্ব নচুৱাই চিকাৰ ধৰে

নাসামৰে– মৰসাহ কৰি নলঙা জেঙত লাগে


অথচ–

কস্মিনকালেও আলোচ্য বিষয় নহয়

নাম যশ কীৰ্তি

জন্তুৰ ইতিহাসত কাহানিও শুনা নাযায়

হায়েনাৰ সুশ্ৰাব্য সাধুকথা…


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages