মিচিং সকলৰ সাজপাৰৰ ওপৰত এক চমু আলোচনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

মিচিং সকলৰ সাজপাৰৰ ওপৰত এক চমু আলোচনা

 



মিচিং সকলৰ সাজপাৰৰ ওপৰত এক চমু আলোচনা


নয়নমণি দাস

ঢকুৱাখনা


       বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ থলী হৈছে অসম। এই অসম ভূমিত বসবাস কৰা লোকসকলৰ ভিতৰত মিচিং জনগোষ্ঠীটোৱেই হ’ল চহকী জনগোষ্ঠী। কিয়নো মিচিং সকলৰ সুকীয়া ভাষা সংস্কৃতি সাজপাৰ খাদ্যাভাস ধৰ্মীয় ৰীতি-নীতি আছে। নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা মিচিংসকল মংগোলীয়।

         মিচিংসকলে নিজকে চন্দ্ৰ-সূৰ্যৰ বংশধৰ বুলি চিনাকি দিয়ে। তেওঁলোকৰ মতে চন্দ্ৰ ‘পুৰুষ’ আৰু সূৰ্য ‘প্ৰকৃতি’। অৰ্থাৎ চন্দ্ৰ ‘পিতা’ আৰু সূৰ্যক ‘মাতা’ বুলি পৰম্পৰাগতভাৱে মানি আহিছে। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাবে ‘মিৰি’ নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। ‘মিৰি’ শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ এক শ্ৰেণীৰ মিলু বা পুৰােহিতৰ ক্ষেত্ৰতহে কৰে। এই শব্দৰ প্ৰয়ােগ পঞ্চদশ শতিকাত পােন প্রথমবাৰৰ বাবে নৱ-বৈষব ধৰ্মৰ প্ৰৱর্তক শংকৰদেৱে কৰিছিল বুলি কোনাে কোনােৱে কয় যদিও বুৰঞ্জীৰ মতে, শঙ্কৰদেৱৰ আগৰ পৰাই মিৰি শব্দৰ ব্যৱহাৰ আছিল। পৰৱৰ্তী কালত ইংৰাজসকলেও একে শব্দকে ব্যৱহাৰ কৰি লেখা-মেলা কৰিছিল। বহল অর্থত তেওঁলােকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। ‘তানি’ শব্দৰ অৰ্থ মানুহ বা মানৱ। 

        মিচিংসকলৰ পূর্ব বাসস্থান বর্তমানৰ অৰুণাচলৰ এখন পাহাৰৰ পৰাই সুচল জীৱিকাৰ সন্ধানত মিচিংসকল অসমৰ সমতললৈ নামি আহিছিল বুলি কোৱা হয়। মিচিংসকলৰ এই আগমণৰ সময়ক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত আছে। কোনাে কোনাে বুৰঞ্জীবিদৰ মতে, অসমত আহােম ৰাজবংশ প্রতিষ্ঠা অর্থাৎ ১২ শ শতিকাৰ আগৰে পৰাই মিচিংসকল অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল বুলি ক’ব বিচাৰে।

   বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈ আছে লখিমপুৰ জিলাৰে ঢকুৱাখনা নামৰ ঠাইখনে। মোৰ সৌভাগ্য যে সমন্বয়ৰ থলী ঢকুৱাখনাত জন্ম গ্ৰহণ কৰা বাবেই মই মিচিং ভাই-ককাই, বাই-ভনী, বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠ জ্ঞান জেষ্ঠ সকলক খুউব কাষৰ পৰা পাইছিলো। শৈশৱতেই মোৰ কণমানি মনত মিচিং সকলৰ প্ৰতি শ্ৰদ্ধা জাগি উঠিছিল। কিয়নো তেওঁলোক অসমীয়া হৈয়ো তেওঁলোকৰ নিজাকৈ ভাষা, সংস্কৃতি, সাজপাৰ, খাদ্যাভাস, ধৰ্মীয় ৰীতি-নীতি আছিল। যেতিয়া মই বিহু কিম্বা সবাহত মা দেউতা লগত মোৰ মিচিং সম্প্ৰদায়ৰ তাৱৈ ঘৰলৈ গৈছিলোঁ তেতিয়া আমৈয়ে তাঁত শালত বিভিন্ন ৰঙ বিৰঙৰ কাপোৰ বোৱা দেখা পাইছিলো। এটা কথা ঠিক মিচিং শিপিনীৰ কৰ্মনিপুণতা আৰু ঘৰত বোৱা জাতীয় সাজপাৰে মিচিং জাতিটোক বিশ্বৰ ভিতৰতে এক শিল্পজাত জাতি হিচাপে প্ৰতিষ্ঠা লাভত সহায় কৰিছে। ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক ফাটবিহুতো মিচিং সকলৰ সুকীয়া পৰিচয়ৰ ভিন্ন ৰঙৰ সাজ-পোছাকে মোৰ কণমানি মনক বৰকৈ আকৰ্ষিত কৰিছিল। সেয়ে মই অন্তৰৰ পৰা ভাল পোৱা মিচিং জনগোষ্ঠীটোৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিও অতন্ত সুখী অনুভৱ কৰোঁ। মিচিং সাজপাৰৰ সম্পৰ্কত সুযোগ পালেই কেতিয়াবা মিচিং জনগোষ্ঠীৰে বয়োজ্যেষ্ঠ কিম্বা জ্ঞানজ্যেষ্ঠ সকলৰ লগত কথা পাতোঁ। তাৰ উপৰিও বিভিন্ন কাকত আলোচনীত পোৱা লেখা,সামাজিক মাধ্যমত উপলব্ধ লেখাও পিটপিটাই ফুৰোঁ। সামাজিক মাধ্যমত উপলব্ধ লেখা, কাকত আলোচনী লেখা ওপৰি আৰু কিছুমান চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত মিচিং সকলৰ সাজপাৰক লৈ এটি চমু আলোচনা আগবঢ়াবলৈ যত্ন কৰিছোঁ। 


মিচিং সাজপাৰক তিনিটা ভাগত ভগাব পাৰি।

১/পুৰুষ সকলে ব্যৱহাৰ কৰা সাজপাৰ

২/ মহিলা সকলে ব্যৱহাৰ কৰা সাজপাৰ 

৩/ পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰা সাজপাৰ।


পুৰুষ সকলে ব্যৱহাৰ কৰা সাজপাৰঃ


উগনঃ

       সাধাৰণ ধুতি বা চুৰিয়াক মিচিঙত ‘উগন’ বুলি কোৱা হয়। মিচিং পুৰুষসকলে দৈনন্দিন ঘৰুৱা পৰিৱেশত এনে উগন ব্যৱহাৰ কৰে। এই উগন সাধাৰণভাৱে বোৱা হয় যদিও কিছুমানত গামিগ থকাও দেখা যায়।


গনবৰঃ

        গনবৰ’ সাধাৰণ উগনতকৈ বহল উন্নতধৰণৰ আৰু নিৰ্দিষ্টতকৈ গামিগ বেছি থকা উগন। সাধাৰণ অৰ্থত বৰচুৰিয়া। গনবৰ পৰম্পৰাগত গামিগ আৰু বগা সূতাৰে বোৱা হয়। পুৰুষসকলে পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, সভা, মিব: গৃক (আলহী খাব যোৱা) আদিত এই গনবৰ পৰিধান কৰাৰ নিয়ম মিচিং সমাজত প্ৰচলিত।


গনৰঃ

       ‘গনৰ’ সাধাৰণভাৱে দৈনন্দিন ব্যৱহাৰ কৰা উগনতকৈ বেলেগ। উগন (চুৰিয়া) +আৰ: (খাঁটি) = গনৰ: অৰ্থাৎ খাঁটি চুৰিয়া। নিসিজোৱা কেঁচা বগা সূতাৰে নিৰ্দিষ্ট পাৰি আৰু গামিগেৰে বোৱা হয়। গনৰক কেৱল মিবু (দেওধাই), মিৰৃ (পুৰোহিত), তাবৌ (বিধান দিব পৰা ভকত) আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত।


গনকগঃ

   মিচিং পুৰুষসকলে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ পৰিধান কৰিবলৈ শিকি প্ৰথমে ‘গনকগ’ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। এই গনকগ অসমীয়া ‘পোন্ধ’ৰ সমান।


গালুগঃ

   সাধাৰণভাৱে বোৱা মিচিং চোলাক ‘গালুগ’ বুলি কোৱা হয়। সম্প্ৰতি বজাৰত পোৱা যিকোনো চোলাক মিচিং ভাষাত গালুগ বুলি কোৱা হয়।


লুগৰঃ

   ‘লুগৰ’ অৰ্থাৎ খাঁটি চোলা। এই লুগৰ কেঁচা সূতাৰে পৰম্পৰাগত নক্সা আৰু গামিগেৰে বোৱা হয়। ৰাজহুৱা অনুষ্ঠানত পুৰুষসকলে এই লুগৰ: পৰিধান কৰাৰ নিয়ম প্ৰচলিত।


মিবু গালুগঃ

   ‘মিবু গালুগ’ সৰ্ব সাধাৰণ লোকে ব্যৱহাৰ কৰা গালুগতকৈ সম্পূৰ্ণ পৃথক। নিসিজোৱা কেঁচা বগা সূতাৰে‌ ‘ঙচিগ গামিগ’ (মাছৰ বাকলিৰ আৰ্হি থকা ফুল) থকা নিৰ্দিষ্ট ঘাই গামিগ লগাই শুদ্ধি হাতেৰে বোৱা হয়। এই সাজ কেৱল মিবু, তাবৌ আদিয়েহে পৰিধান কৰিব পাৰে।


দুমৗৰঃ

    মিচিঙৰ দুমৌৰ আৰু অসমীয়াৰ ‘গামোচা’ প্ৰায় একেই। কাৰোবাক সন্মান-শ্ৰদ্ধা বা প্ৰীতি উপহাৰ হিচাপে দিবলৈ এই দুমৌৰ ব্যৱহাৰ কৰা হয়।


মৗৰপুংঃ

     মৌৰপুং হৈছে মূৰত পাগুৰি হিচাপে পিন্ধা একধৰণৰ দীঘল গামোচাজাতীয় পোছাক।


তাপুম গাচৰঃ

    এৰীপলু পুহি সূতা কাটিব জনাৰেপৰা মিচিং সমাজত ‘তাপুম গাচৰ’ অৰ্থাৎ এৰী চাদৰৰ ব্যৱহাৰ প্ৰচলিত হৈ আহিছে। এই সাজৰ সূতা টান, মসৃণ, ডাঠ আৰু দুইমূৰে দহিবটা থাকে।


য়াম্ব গাচৰঃ

   দৰাঘৰৰ বিয়াত দৰা-কইনাৰ যুগ্ম জীৱনৰ বাবে আদৰি আনিবলৈ মূৰৰ ওপৰত ওৰণি হিচাপে ব্যৱহাৰ কৰা গাচৰ (চাদৰ) ক য়াম্ব গাচৰ নামেৰে জনা যায়। উপৰিপুৰুষৰ পিণ্ডদান পূজা, বংশভিত্তিক পূজাকৰ্মত এই সাজ পুৰুষ-মহিলাই একেলগে ব্যৱহাৰ কৰে।


মহিলাসকলে ব্যৱহাৰ কৰা সাজপাৰঃ


এগেঃ

   মিচিং মহিলাই পিন্ধা মেখেলাক সাধাৰণতে ‘এগে’ বুলি কোৱা হয়। এইসমূহ ভিন্নৰঙৰ গামিগেৰে ভৰা আৰু দেখিবলৈ বৰ মোহনীয়া।


গাচৗঃ

    গাচৗঃ হৈছে মিচিং মহিলাই চাদৰ বা শীতত শ্ব’ল হিচাপে ব্যৱহাৰ কৰা ৰি:বিৰ দৰেই এবিধ ডাঠ বস্ত্ৰ। গাচৌং ৰঙা বা মদাৰ ৰঙৰ কপাহী সূতাৰে বয় আৰু দুইমূৰে বগা-ক’লা ৰেখা টনা থাকে। পূজা, উৎসৱ, ৰাজহুৱা অনুষ্ঠান আদিত এই সাজ পৰিধানৰ কৰাৰ নিয়ম যদিও বৰ্তমান ইয়াৰ ব্যৱহাৰ কম হোৱা পৰিলক্ষিত হয়।


গাপা আৰু গাৰেঃ 

   গাপা আৰু গাপে হৈছে পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলাজাতীয় বস্ত্ৰ। গাপা কেৱল গাভৰুসৰলেহে পৰিধান কৰে আৰু গাৰে সকলো বয়সৰ মহিলাই পৰিধান কৰিব পাৰে।


গেৰঃ

  গেৰ মিচিং মহিলাই মেখেলাৰ ওপৰত পৰিধান কৰা এবিধ মেঠনিজাতীয় আকৰ্ষণীয় বস্ত্ৰ। দুৰ্ঘটনাগ্ৰস্ত হৈ ৰক্তক্ষৰণ হ’লে গেৰ এখন দুৰ্ঘটনাগ্ৰস্তজনৰ গাত দিলে ৰক্তক্ষৰণ বন্ধ হৈ বিষ কাটি সুস্থ হয় বুলি মিচিংসমাজত পৰম্পৰাগত লোকবিশ্বাসত আছে।


পঃতোপঃ

      পঃতোপ মিচিং মহিলাই মূৰত পৰিধান কৰা গামোচাজাতীয় এবিধ বস্ত্ৰ। দৈনন্দিন জীৱনত, পথাৰত কাম কৰোঁতে মহিলাই পঃতোপ মূৰত মেৰিয়াই লয়।

কোঃপব: ‘কোঃপব’ হৈছে মিচিংসকলৰ চেমনীয়া ছোৱালীয়ে গাত পৰিধান কৰা এবিধ চেলেংজাতীয় বস্ত্ৰ। ইয়াক চাদৰৰ দৰে দীঘলকৈ বোৱা হয়।


পায়েগঃ

    পায়েগ বিবাহিতা মিচিং মহিলাই তামোলৰ টোপোলা নিবলৈ ব্যৱহাৰ কৰা এবিধ সৰু আকাৰৰ গামোচা। বৃদ্ধাৱস্থাত মহিলাই পায়েগ লৈ ফুৰাটো এক প্ৰকাৰৰ নিয়ম আছিল।


পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰা সাজপাৰঃ

   মিচিং পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰা আপুৰুগীয়া বস্ত্ৰবিধ হৈছে- গাদু। ই অসমীয়াত ‘মিৰিজিম’ নামে খ্যাত। গাদুক কপাহৰ সূতাৰে প্ৰতি সূতাৰ মাজত আঁহ লগাই বোৱা হয়। গাদুক জাৰকালি কম্বলৰ দৰে ব্যৱহাৰ কৰা হয়। ই যথেষ্ট বহল আৰু উমলগা। পৰিয়ালৰ সকলোৱেই গাদু ব্যৱহাৰ কৰিব পাৰে লগতে ৰিঃবি, তাপুম গাচৰ, যাম্ব গাচৰ আদি মিচিং মহিলা পুৰুষৰ উভয়ে কম-বেছি পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। সাম্প্ৰতিক সময়ত পোৱা আধুনিক সাজপাৰ অন্য সমাজৰ দৰে মিচিং সমাজলৈও দ্ৰুতগতিত আগবাঢ়িছে যদিও ৰাজহুৱা সভা, অনুষ্ঠান, উৎসৱ-পাৰ্ণৱত পৰম্পৰাগত সাজপাৰ স্বকীয়তাৰে সুন্দৰ ৰূপত পৰিধান কৰা পৰিলক্ষিত হৈ আহিছে।


লেখকৰ ঠিকনাঃ 

নয়নমণি দাস

ঢকুৱাখনা

যুৱ লেখক ২০২৫ সন্মান প্ৰাপ্ত

ফোন নম্বৰঃ 8473048647


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages